ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰ ( NCL)-ৰ বিষয়েঃ 
১৯৫০-ত ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰ ( NCL) স্থাপন কৰা হয়। এই পৰীক্ষাগাৰ হৈছে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ গাঁথনিক সদস্য। এন চি এলৰ বৰ্তমানৰ সঞ্চালক হৈছে ডাঃ আশিষ লেলে। তেওঁ ২০২১ৰ ১ এপ্ৰিলত দায়িত্ব গ্ৰহণ কৰে। এই পৰীক্ষাগাৰত প্ৰায় দুশ বৈজ্ঞানিক কৰ্মৰত অৱস্থাত আছে। এই পৰীক্ষাগাৰৰ আন্তঃশাখা গৱেষণা কেন্দ্ৰত এটা বহুল গৱেষণাৰ সুবিধা আছে আৰু পলীমাৰ বিজ্ঞান, জৈৱ ৰসায়ন, মেটেৰিয়েল কেমেষ্ট্ৰী, কেমিকেল ইঞ্জিনীয়াৰিং, বায়োকেমিকেল ছায়েন্সেছ আৰু প্ৰচেছ ডেভেলপমেণ্টৰ ক্ষেত্ৰত গৱেষণাৰ সুবিধা আছে। এই পৰীক্ষাগাৰত জোখ-মাপ বিজ্ঞান আৰু কেমিকেল ইনফৰমেচনৰ বাবে ভাল আন্তঃগাঁথনি আছে।
এই প্ৰতিষ্ঠানত প্ৰায় ৪০০ ছাত্ৰ-ছাত্ৰীয়ে ডক্টৰেটৰ বাবে গৱেষণা কৰে আৰু প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতিবছৰে পি এইচ ডি প্ৰদান কৰা হয়। এন চি এনে কেমিকেল ছায়েন্সেছৰ ক্ষেত্ৰখনত বছৰি ৪০০ৰো অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰে। তদুপৰি বিশ্বজুৰি ৬০ৰো অধিক পেটেণ্ট কৰে।
ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰ ( NCL)-ত নিযুক্তি-২০২২ঃ
ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰ ( NCL)-এ প্ৰকল্প সহযোগী-২ নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ
পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল আদিৰ তথ্য তলত দিয়া হৈছে:-
| পদৰ নাম | প্ৰকল্প সহযোগী-২ | 
| খালী পদ | ০১টা। | 
| বয়স | সৰ্বোচ্চ ৩৫ বছৰ। | 
| দৰমহা | মাহিলী ২৮ হেজাৰ টকাৰ পৰা ৩৫ হেজাৰ টকা। | 
| অন্তিম তাৰিখ | ২৫ জানুৱাৰী, ২০২২। | 
| চাকৰিৰ স্থান | পুনে (মহাৰাষ্ট্ৰ)। | 
| আবেদনৰ মাচুল | নাই। | 
| ইমেইল | - | 
| ৱেবছাইট | ncl-india.org, | 
| চাকৰিৰ প্ৰকাৰ | - | 
শিক্ষাগত অৰ্হতাঃ
স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী বা এম ভি এছ চি।
অভিজ্ঞতাৰ বিশদঃ
প্ৰাৰ্থীৰ শৈক্ষিক প্ৰতিষ্ঠান বা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত গৱেষণা আৰু উন্নয়নৰ কামত ন্যূনতম ২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
আবেদনৰ নিয়মঃ
অহা ২৫ জানুৱাৰী, ২০২২লৈকে ncl-india.org-ৰ পৰা আবেদন জনাব পাৰিব।
আৰু চাব পাৰে : SMPU অসম নিযুক্তি ২০২২ - পৰামৰ্শদাতাৰ খালী পদ