চাকৰি

অ' এন জি চি (ONGC) নিযুক্তি ২০২২ - কনছালটেণ্ট, কনিষ্ঠ কনছালটেণ্ট পদখালী

তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ’ এন জি চি)-এ কনছালটেণ্ট, কনিষ্ঠ কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে।

Sentinel Digital Desk

অ' এন জি চিয়ে কনছালটেণ্ট, সহযোগী কনছালটেণ্ট আৰু কনিষ্ঠ কনছালটেণ্ট নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা, নিযুক্তিৰ স্থান আদিৰ তথ্য তলত উল্লেখ কৰা হ'ল।

পদৰ নাম

কনিষ্ঠ কনছালটেণ্ট

সহযোগী কনছালটেণ্ট

কনছালটেণ্ট

খালী পদ

৩৭ টা

০৭ টা

০১টা

দৰমহা

৪০ হেজাৰ টকা

৬৬ হেজাৰ টকা

৯৩ হেজাৰ টকা

চাকৰিৰ অৱস্থান

অসম

অন্তিম তাৰিখ

১৪ অক্টোবৰ, ২০২২

ৱেবছাইট

http://ongcindia.com/

শিক্ষাগত অৰ্হতাঃ অ' এন জি চিৰ জাননী অনুসৰি ৷

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাৎকাৰ।

আবেদন জনোৱাৰ পদ্ধতিঃ

অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে অনুমোদিত প্ৰপত্ৰযোগে আবেদন sinha_rajeev@ongc.co.in, pattnaik_gautam@ongc.co inলৈ প্ৰেৰণ কৰিব পাৰে। হাৰ্ড কপি FEG-EQ, Surface Team at Room No. 110, ROB-1, Assam Asset লৈ প্ৰেৰণ কৰিব পাৰে। আবেদন গ্ৰহণৰ শেষ তাৰিখ ১৪ অক্টোবৰ, ২০২২ ৷

অ' এন জি চিৰ বিষয়েঃ ভাৰত চৰকাৰে ১৯৫৬ চনৰ ১৪ আগষ্টত অ' এন জি চি প্ৰতিষ্ঠা কৰে। ই হৈছে এটা বহুজাতিক প্ৰতিষ্ঠান। ই দেশৰ বৃহত্তম তৈল প্ৰতিষ্ঠান আৰু ই দেশত উৎপাদিত মুঠ তেল আৰু গেচৰ ৭৫ শতাংশ অৱদান আগবঢ়ায়। সমগ্ৰ দেশত ইয়াৰ ১১ হেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইন আছে।