দিল্লী বিশ্ববিদ্যালয় নিযুক্তি ২০২২- সহকাৰী অধ্যাপক পদখালী

দিল্লী বিশ্ববিদ্যালয়ে সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে ৷
দিল্লী বিশ্ববিদ্যালয় নিযুক্তি ২০২২- সহকাৰী অধ্যাপক পদখালী
Published on

দিল্লী বিশ্ববিদ্যালয়ে সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে শেহতীয়াকৈ জাননী প্ৰকাশ কৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালী পদৰ সংখ্যা, দৰমহা, বয়সৰ সীমা আদিৰ তথ্য তলত পাব ৷

পদৰ নাম

সহকাৰী অধ্যাপক

খালী পদ

নিৰ্দিষ্টকৈ উল্লেখ নাই

দৰমহা

নিয়ম অনুসৰি

চাকৰিৰ অৱস্থান

নতুন দিল্লী

অন্তিম তাৰিখ

১৫ অক্টোবৰ, ২০২২

শিক্ষাগত অৰ্হতাঃ

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এম ফিল বা পি এইচ ডি হ'ব লাগিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে ৩০-৯-২০২২-ৰ পৰা ১৫ অক্টোবৰ, ২০২২-লৈকে দিল্লী বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা আবেদন জনাব পাৰিব।

দিল্লী বিশ্ববিদ্যালয়ৰ বিষয়েঃ

দিল্লী বিশ্ববিদ্যালয় হৈছে নতুন দিল্লীস্থিত এখন কলেজিয়েট কেন্দ্ৰীয় বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় ১৯২২-ত প্ৰতিষ্ঠা কৰা হয়। এই বিশ্ববিদ্যালয় বিশ্বৰে অন্যতম বৃহৎ বিশ্ববিদ্যালয় ৷ ইউ জি চিয়ে এই বিশ্ববিদ্যালয়ক Instiution of eminenceৰ স্বীকৃতি প্ৰদান কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com