খেলৰ পৃথিৱী

পিঠিৰ বিষৰ কাৰণে ৱৰ্ল্ড এথলেটিক্ছ চেম্পিয়নশ্বিপ ২০১৯ ত অংশ নলয় অসম গৌৰৱ হিমা দাসে

Sentinel Digital Desk

অসম গৌৰৱ তথা হিমা দাসে অংশ নলয় বিশ্ব চেম্পিয়নশ্বিপত ৷ পিঠিৰ বিষৰ কাৰণে ২০১৯ বৰ্ষৰ বিশ্ব চেম্পিয়ন শ্বিপত অংশ নলয় ধিং এক্সপ্ৰেছ হিমা দাসে। এথেলিক ফেডাৰেশ্যন অৱ ইণ্ডিয়া(Athletics Federation of India) অৰ্থাৎ এএফআইয়ে বুধবাৰে টুইটাৰ যোগে প্ৰকাশ কৰে যে পিঠিৰ বিষৰ কাৰণে হিমা দাসে চলিত বৰ্ষত ডহাত অনুষ্ঠিত ৱল্ড চেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰ কৰিব নোৱাৰে।

ইফালে ছেপ্তম্বৰৰ ৯ তাৰিখে এথলেটিকছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াই হিমা দাসৰ লগতে ৪×৪০০ ৰিলে আৰু ৪×৪০০ মিটাৰ মিক্স ৰিলেৰ কাৰণে সাতগৰাকী মহিলাৰ নাম প্ৰকাশ কৰিছিল। এই খেল খন অনুষ্ঠিত হৈছে ২৭ ছেপ্তেম্বৰৰ পৰা অক্টোবৰৰ ৬ তাৰিখলৈকে। ইফালে ধিং এক্সপ্ৰেছ হিমা দাসে বিগত বৰ্ষৰ এছিয়ান গেমছৰ পিছৰে পৰা পিঠিৰ বিষত ভূগি আছিল ৷ সেয়েহে বিশ্ব চেম্পিয়নশ্বিপ ২০১৯ ত অংশ গ্ৰহণ কৰিব নোৱাৰে অসম গৌৰৱ হিমা দাসে ।

উল্লেখ্য যে অসম সন্তান হিমা দাসে চলিত বৰ্ষত দুটা মাহৰ ভিতৰত ৬ টাকৈ স্বৰ্ণ জয়ী কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ হিমাই মহিলাৰ ৩০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিছিল ৷

এথলেটিকী মিটিংক ৰিটাৰত এই সাফল্য অৰ্জন কৰিছে হিমাই। এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল চেক গণৰাজ্যত ৷ আনহাতে চেক গণৰাজ্যতে পঞ্চমটো স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমা দাসে। পঞ্চমটো পদক ৪০০ মিটাৰ দৌৰত হিমাই অৰ্জন কৰিছিল শ্ৰেষ্ঠত্ব। ৫২.০২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি স্বৰ্ণ পদক লাভ কৰিলে হিমাই ৷

ইয়াৰ পূৰ্বতে মাত্ৰ ১৫ দিনতে হিমাই লাভ কৰিছিল চাৰিটাকৈ সোণৰ পদক ৷ চেক গনৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰাঁ প্ৰীত ২০০ মিটাৰ ইভেন্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমাই । ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যা গৰাকীয়ে অৰ্জন কৰিছিল স্বৰ্ণ পদক। উল্লেখ্য যে হিমা দাসৰ কেৰিয়াৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছিল ২৩.১০ ছেকেণ্ডত ২০০ মিটাৰ দৌৰ প্ৰদৰ্শন কৰা ৷

আনহাতে হিমা দাসৰ এই সাফল্য আনন্দ প্ৰকাশ কৰিছে দেশ বাসীয়ে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে ৰাষ্ট্ৰপতি,ৰাজ্যপাল আৰু বলীউডৰ চেলীব্ৰেট্ৰীসকলেও হিমাক এই সাফল্যৰ কাৰণে জনাইছিল অলেখ শুভকামনা। অসমৰ সুদূৰ গাঁৱৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ হিমা দাসৰ এই যাত্ৰা সছাঁকৈয়ে প্ৰশংসনীয় ৷ সচাঁ অৰ্থত হিমা দাস আমাৰ নতুন প্ৰজন্মৰ কাৰণে প্ৰেৰণাদায়ক ৷ তথা অপ্ৰতিৰোধ্য হিমা দাস ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Bike borne miscreants snatched away cash Rs 2.1 lakh from a Teacher in Nagaon