ৱল্ড চেম্পিয়নশ্বিপত অংশ নলয় ধিং এক্সপ্ৰেছ হিমা দাসে:লাভ নকৰিলে যোগ্যতাৰ নম্বৰ

ৱল্ড চেম্পিয়নশ্বিপত অংশ নলয় ধিং এক্সপ্ৰেছ হিমা দাসে:লাভ নকৰিলে যোগ্যতাৰ নম্বৰ

অসমৰ গৌৰৱ হিমা দাসে ৱল্ড চেম্পিয়ন শ্বিপৰ ৪০০ মীটাৰ ৰেচত অংশগ্ৰহণ নকৰে। জুলাই মাহত হিমা দাসে একেৰাহে ছটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোনৰ পদক লাভ কৰি সফলতা লাভ কৰিছিল। কিন্তু হিমা দাসে কোনো ইভেন্টত ৱল্ড চেম্পিয়নশ্বিপৰ কাৰণে প্ৰয়োজন হোৱা নম্বৰ লাভ কৰিবলৈ সক্ষম নহ’ল।

ইফালে ৫ ছেপ্তেম্বৰত হ’ব লগা ৱল্ড চেম্পিয়নৰ কাৰণে অন্তিম যোগ্যতা কৰা টুনামেন্ট আছে ৷হিমা দাসে এই টুৰ্নামেন্টত অংশ নলয় ৷ এই টুৰ্নামেন্ট ২৮ ছেপ্তম্বৰৰ পৰা ৬ অক্টোবৰলৈকে দ’হাত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

হিমা দাসে ৪×৪০০ মিটাৰতহে অংশ গ্ৰহণ কৰিব । ইফালে অসম সন্তান হিমা দাসে চলিত বৰ্ষত দুটা মাহৰ ভিতৰত ৬ টাকৈ স্বৰ্ণ জয়ী কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ হিমাই মহিলাৰ ৩০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিছিল ৷

এথলেটিকী মিটিংক ৰিটাৰত এই সাফল্য অৰ্জন কৰিছে হিমাই। এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল চেক গণৰাজ্যত ৷ আনহাতে চেক গণৰাজ্যতে পঞ্চমটো স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমা দাসে। পঞ্চমটো পদক ৪০০ মিটাৰ দৌৰত হিমাই অৰ্জন কৰিছিল শ্ৰেষ্ঠত্ব। ৫২.০২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি স্বৰ্ণ পদক লাভ কৰিলে হিমাই ৷

ইয়াৰ পূৰ্বতে মাত্ৰ ১৫ দিনতে হিমাই লাভ কৰিছিল চাৰিটাকৈ সোণৰ পদক ৷ চেক গনৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰাঁ প্ৰীত ২০০ মিটাৰ ইভেন্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমাই । ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যা গৰাকীয়ে অৰ্জন কৰিছিল স্বৰ্ণ পদক। উল্লেখ্য যে হিমা দাসৰ কেৰিয়াৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছিল ২৩.১০ ছেকেণ্ডত ২০০ মিটাৰ দৌৰ প্ৰদৰ্শন কৰা ৷

আনহাতে হিমা দাসৰ এই সাফল্য আনন্দ প্ৰকাশ কৰিছে দেশ বাসীয়ে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে ৰাষ্ট্ৰপতি,ৰাজ্যপাল আৰু বলীউডৰ চেলীব্ৰেট্ৰীসকলেও হিমাক এই সাফল্যৰ কাৰণে জনাইছিল অলেখ শুভকামনা। অসমৰ সুদূৰ গাঁৱৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ হিমা দাসৰ এই যাত্ৰা সছাঁকৈয়ে প্ৰশংসনীয় ৷ সচাঁ অৰ্থত হিমা দাস আমাৰ নতুন প্ৰজন্মৰ কাৰণে প্ৰেৰণাদায়ক ৷ তথা অপ্ৰতিৰোধ্য হিমা দাস ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Fire breaks out in Doomdooma Town | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com