খেলৰ পৃথিৱী

মানস, বৰাক জয়ী অসম T20 ত

দিনটোৰ প্ৰথমখন খেলত মানস টাইগাৰে কাজিৰঙা হিৰোজক ২৫ ৰানত পৰাস্ত কৰে। বিজয়ী দলটোৰ ৱাছিকুৰ ৰহমানে (৪২) অৰ্ধশতক অৰ্জন কৰে।

Sentinel Digital Desk

গুৱাহাটীঃ(GUWAHAT) আমিনগাঁও খেলপথাৰত আজি অনুষ্ঠিত হোৱা অসম টি-২০ চেলেঞ্জাৰছ ট্ৰফীত মানস টাইগাৰছ আৰু বৰাক ব্ৰেভহাৰ্টছ দলে নিজ নিজ খেলত জয়লাভ কৰে। দিনটোৰ প্ৰথমখন খেলত মানস টাইগাৰে কাজিৰঙা হিৰোজক ২৫ ৰানত পৰাস্ত কৰে। বিজয়ী দলটোৰ ৱাছিকুৰ ৰহমানে (৪২) অৰ্ধশতক অৰ্জন কৰে। দিনটোৰ দ্বিতীয়খন খেলত বৰাক ব্ৰাভেহাৰ্টছে দিহিং পাটকাই ৰাইডাৰ্ছৰ বিৰুদ্ধে ৩টা উইকেটৰ জয় পঞ্জীয়ন কৰে। আনহাতে দিহিং পাটকাই ৰাইডাৰ্ছৰ নাছিৰ উল্লাহে খেলখনত হুবহু ৫০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বৰাক ব্ৰেভহাৰ্টছৰ জয়ত বেটৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সুভাম মণ্ডলে (৪৫)।