খেলৰ পৃথিৱী

অবসৰ পিছত ধোনিৰ জাৰ্চি ৭ ভাৰতীয় ক্ৰিকেটাৰে পৰিধান নকৰে

Sentinel Digital Desk

এম এচ ধোনিয়ে পৰিধান কৰা জাৰ্চি নম্বৰ ৭ , অবসৰৰ পাছত ভাৰতীয় ক্ৰিকেটাৰে পৰিধান নকৰে। প্ৰাক্তন অধিনায়ক গৰাকীলৈ এই সন্মান ভাৰতীয় ক্ৰিকেট টিমৰ ক্ৰিকেটাৰ সকলৰ । পূৰ্বতে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ জাৰ্চি নম্বৰ ১০ পৰিধান নাই কৰা নাই ভাৰতীয় ক্ৰিকেট টিমৰ ক্ৰিকেটাৰ সকলে । শচীন তেণ্ডুলকাৰলৈ সন্মান পদৰ্শন কৰিয়ে এই সিন্ধান্ত গ্ৰহণ কৰিছিল । একেদৰে ভাৰতীয় ক্ৰিকেট টিমৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিঙ ধোনিয়ে পৰিধান কৰা জাৰ্চি ৭ আন ক্ৰিকেটা ৰে পৰিধান নকৰাৰ সম্ভাৱনা আছে ।

জেষ্ঠ বিচিচিআইৰ বিষয়ায়ে প্ৰকাশ কৰা মতে, বিৰাট কোহলিয়ে সাম্ভাব্য ১৮ নম্বৰ জাৰ্চি, ৰোহিত শৰ্মায়ে ৪৫ নম্বৰ জাৰ্চি পৰিধান কৰিব । বহুতো খেলুৱৈয়ে তেওলোকৰ ODI আৰু T20 ৰ নম্বৰে পৰিধান কৰিব । এম এচ ধোনিয়ে টেষ্ট ক্ৰিকেট নেখেলাত জাৰ্চি নম্বৰ ৭ থাকি যাব কিন্তু সেই জাৰ্চি এম এচ ধোনিলৈ সন্মান জনাই পৰিধান কৰা সাম্ভাব্য যথেষ্ট ক্ষীণ " ।

অবসৰ পিছত ভাৰতীয় ক্ৰিকেট টিমৰ প্ৰাক্তন অধিনায়ক এম এচ ধোনিয়ে ভাৰতীয় সেনা হৈ সেৱা আগবঢ়াব । ভাৰতীয় পাৰাচুট ৰেজিমেন্টত দুমাহ প্ৰশিক্ষণৰ পাছত কাশ্মীৰত পষ্টিং দিয়া হব এম এচ ধোনিক ।

এম এচ ধোনিয়ে বুধবাৰে বেংগলুৰুৰ মুখ্য কাৰ্য্যালয়ত বেটেলিয়ানত যোগদান কৰে। অহা ৩১ আগষ্ট তাৰিখে কাশ্মীৰৰ তেনাত টেৰিটৰিয়েল আৰ্মীৰ ১০৬ নং পেৰাস্যুত বেটেলিয়ানৰ সৈতে জড়িত হ’ব মহেন্দ্ৰ সিং ধোনী। ধোনীয়ে বেটেলিয়ানৰ হৈ সেৱা আগবঢ়োৱা পিছত গাৰ্ড, প’ষ্ট ডিউটি, পেট্ৰলিংৰ দৰে ডিউটি কৰিব আৰু সেনাৰ সৈতে কিছুদিন থাকিব। ধোনীয়ে ইয়াৰ আগতেও জম্মু–কাশ্মীৰলৈ গৈছিল। ২০১৭ চনত ধোনীয়ে জম্মু–কাশ্মীৰৰ বাৰামূলালৈ গৈছিল।য’ত ধোনীয়ে আৰ্মীৰ দ্বাৰা আয়োজিত ক্ৰিকেট মেচত অতিথি হিচাপে উপস্থিত আছিল। ধোনীয়ে সেই মেচখনত আৰ্মীৰ পোছাক পৰিধান কৰা দেখা গৈছিল। দেশৰ হৈ ক্ৰিকেট খেলাৰ পিছত এতিয়া ভাৰতীয় সেনাৰ হৈ সেৱা আগবঢ়াব ধোনিয়ে । ইতিমধ্যে ভাৰতীয় সামৰিক সেৱাইয়ো অনুমতি প্ৰদান কৰিছে ধোনীক।

ধোনিয়ে অবসৰ গ্ৰহণ কৰাৰ পিছত অনুৰাগী সকলৰ পাছত প্ৰশ্ন উত্থাপন কৰিছিল যে এম এচ ধোনিয়ে পৰবৰ্তী সময়ত কি কৰিব । যেতিয়া ধোনিয়ে ভাৰতীয় সেনাত যোগদান কৰিব বুলি প্ৰকাশ কৰাৰ পাছতে তেওঁৰ অনুৰাগী সকলৰ মাজত ধোনিৰ প্ৰতি অধিক সন্মান বঢ়াৰ লগতে উৎফুল্লিত হৈ পৰে । ৩১ জুলাইত কাশ্মীৰত যোগদান কৰিব ধোনিয়ে । ভাৰতীয় সেনায়ে প্ৰকাশ কৰা মতে , ধোনিয়ে কাশ্মীৰত সেনা সকলৰ লগত ১৫ আগষ্টলৈকে থাকিব ।