Begin typing your search above and press return to search.

ভাৰতীয় সেনাৰ হৈ সেৱা আগবঢ়াব এম এচ ধোনিয়ে : প্ৰশিক্ষণৰ পাছত কাশ্মীৰত পষ্টিং ধোনিৰ

ভাৰতীয় সেনাৰ হৈ সেৱা আগবঢ়াব এম এচ ধোনিয়ে : প্ৰশিক্ষণৰ পাছত কাশ্মীৰত পষ্টিং ধোনিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 July 2019 10:51 AM GMT

ভাৰতীয় ক্ৰিকেট টিমৰ প্ৰাক্তন অধিনায়ক এম এচ ধোনিয়ে ভাৰতীয় সেনা হৈ সেৱা আগবঢ়াব । ভাৰতীয় পাৰাচুট ৰেজিমেন্টত দুমাহ প্ৰশিক্ষণৰ পাছত কাশ্মীৰত পষ্টিং দিয়া হব এম এচ ধোনিক ।

এম এচ ধোনিয়ে বুধবাৰে বেংগলুৰুৰ মুখ্য কাৰ্য্যালয়ত বেটেলিয়ানত যোগদান কৰে। অহা ৩১ আগষ্ট তাৰিখে কাশ্মীৰৰ তেনাত টেৰিটৰিয়েল আৰ্মীৰ ১০৬ নং পেৰাস্যুত বেটেলিয়ানৰ সৈতে জড়িত হ’ব মহেন্দ্ৰ সিং ধোনী। ধোনীয়ে বেটেলিয়ানৰ হৈ সেৱা আগবঢ়োৱা পিছত গাৰ্ড, প’ষ্ট ডিউটি, পেট্ৰলিংৰ দৰে ডিউটি কৰিব আৰু সেনাৰ সৈতে কিছুদিন থাকিব। ধোনীয়ে ইয়াৰ আগতেও জম্মু–কাশ্মীৰলৈ গৈছিল। ২০১৭ চনত ধোনীয়ে জম্মু–কাশ্মীৰৰ বাৰামূলালৈ গৈছিল।য’ত ধোনীয়ে আৰ্মীৰ দ্বাৰা আয়োজিত ক্ৰিকেট মেচত অতিথি হিচাপে উপস্থিত আছিল। ধোনীয়ে সেই মেচখনত আৰ্মীৰ পোছাক পৰিধান কৰা দেখা গৈছিল। দেশৰ হৈ ক্ৰিকেট খেলাৰ পিছত এতিয়া ভাৰতীয় সেনাৰ হৈ সেৱা আগবঢ়াব ধোনিয়ে । ইতিমধ্যে ভাৰতীয় সামৰিক সেৱাইয়ো অনুমতি প্ৰদান কৰিছে ধোনীক।

সোমবাৰে ভাৰতীয় স্থল সেনাৰ মুৰব্বী বিপিন ৰাৱটে ধোনীয়ে ল’ব লগীয়া প্ৰশিক্ষণত চুড়ান্ত মোহৰ মাৰে। আগন্তুক কিছুদিন ধোনীয়ে ভাৰতীয় সেনাৰ পেৰাছ্যুট ৰেজিমেণ্ট বেটেলিয়ানৰ সৈতে প্ৰশিক্ষণ ল’ব। কিন্তু বৰ্তমানলৈকে ভাৰতীয় আৰ্মীয়ে ধোনীক সক্ৰিয় অপাৰেচনত ভাগ লোৱাৰ অনুমতি প্ৰদান কৰা নাই। সূত্ৰয়ে প্ৰকাশ কৰা মতে , এম এচ ধোনিয়ে পেট্ৰলিং, গাৰ্ড আৰু ১৫ দিনৰ ডিউটি কৰিব ধোনিয়ে ।

ধোনিয়ে অবসৰ গ্ৰহণ কৰাৰ পিছত অনুৰাগী সকলৰ পাছত প্ৰশ্ন উত্থাপন কৰিছিল যে এম এচ ধোনিয়ে পৰবৰ্তী সময়ত কি কৰিব । যেতিয়া ধোনিয়ে ভাৰতীয় সেনাত যোগদান কৰিব বুলি প্ৰকাশ কৰাৰ পাছতে তেওঁৰ অনুৰাগী সকলৰ মাজত ধোনিৰ প্ৰতি অধিক সন্মান বঢ়াৰ লগতে উৎফুল্লিত হৈ পৰে । ৩১ জুলাইত কাশ্মীৰত যোগদান কৰিব ধোনিয়ে । ভাৰতীয় সেনায়ে প্ৰকাশ কৰা মতে , ধোনিয়ে কাশ্মীৰত সেনা সকলৰ লগত ১৫ আগষ্টলৈকে থাকিব ।

ভাৰতীয় সেনায়ে প্ৰকাশ কৰে যে, ৩১ জুলাইৰ পৰা ১৫ আগষ্টলৈকে বেটেলিয়ানৰ লগত থাকিব এম এচ ধোনিয়ে । ভাৰতীয় সেনায়ে ভাৰতীয় সেনাৰ হৈ অৰ্থাৎ দেশৰ হৈ সেৱা আগবঢ়াব । এম এচ ধোনিৰ এই সিন্ধান্ত হঠাৎ লোৱা নহয় । লগতে সূত্ৰয়ে প্ৰকাশ কৰে যে, ধোনিৰ ভাৰতীয় সেনাৰ প্ৰতি ভালপোৱা স্পষ্ট আৰু ধোনিৰ ক্ৰিকেটৰ প্ৰতি থকা ভালপোৱা সকলোৱে জ্ঞাত ।

অধিক খবৰৰ বাবে পঢ়ক: এম এচ ধোনিক অবসৰ গ্ৰহণ নকৰিবলৈ অনুৰোধ বিশিষ্ট কন্ঠশিল্পী লতা মাংগিছকাৰৰ

Next Story
চাকৰি