Begin typing your search above and press return to search.

এম এচ ধোনিক অবসৰ গ্ৰহণ নকৰিবলৈ অনুৰোধ বিশিষ্ট কন্ঠশিল্পী লতা মাংগিছকাৰৰ

এম এচ ধোনিক অবসৰ গ্ৰহণ নকৰিবলৈ অনুৰোধ বিশিষ্ট কন্ঠশিল্পী লতা মাংগিছকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 July 2019 10:33 AM GMT

এম এচ ধোনিৰ অবসৰৰ প্ৰসংগক ধোনি অনুৰাগী সকলে সহজভাবে লব পৰা নাই । সকলোৱে ধোনিক অবসৰ নলবলৈ প্ৰকাশ কৰিছে । এম এচ ধোনিক অবসৰ নলবলৈ "Nightingale of India " লতা মাংগিছকাৰে অনুৰোধ কৰে।

দেশৰ কোকিল কন্ঠী গায়িকা লতা মাংগিছকাৰে টুইটাৰযোগে প্ৰকাশ কৰে যে , " নমস্কাৰ এম এচ ধোনি জী । মই শুনিছো যে আপুনি অবসৰ গ্ৰহণ কৰিব বিচাৰিছে । অনুগ্ৰহ কৰি তেনে সিন্ধান্ত নলব । দেশক আপুনাৰ খেলৰ প্ৰয়োজন আছে আৰু মোৰ অনুৰোধ যে আপোনাক আপোনাৰ খেলৰ প্ৰয়োজন আছে আৰু আপুনি যাতে অবসৰ কথা নাভাবে "।

https://twitter.com/mangeshkarlata/status/1149232640962154497

৮৯ বছৰীয়া বিশিষ্ট কন্ঠ শিল্পী গৰাকীয়ে টুইটাৰযোগে এই কথা প্ৰকাশ কৰে । ধোনীৰ অবসৰৰ কথায়ে সমগ্ৰ দেশৰ ক্ৰিকেট অনুৰাগী সকলক নিৰাশ কৰিছে । প্ৰাক্তন ভাৰত ক্ৰিকেট টিমৰ অধিনায়ক এম এচ ধোনিৰ অবসৰৰ খবৰে বিশিষ্ট কন্ঠ শিল্পী গৰাকীকো নিৰাশ কৰিছে । সেয়েহে এম এচ ধোনিক অবসৰ গ্ৰহণ নকৰিবলৈ অনুৰোধ দেশৰ নাইটেঙলগ গৰাকীৰ ।

শীঘ্ৰে ধোনীয়ে এদিনীয়া ক্ৰিকেটক বিদায় দিব বুলি কোৱা হৈছে। এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিচিচিআইৰ কাৰ্যবাহী অধ্যক্ষ চি কে খান্না আৰু প্ৰশাসক সমিতিৰ সদস্য ডায়না ইডুল্জীয়ে। চলিত বিশ্বকাপত ভাৰতীয় দলৰ প্ৰদৰ্শনক প্ৰশংসা কৰাৰ লগতে ছেমি ফাইনেলত পৰাজয় নিৰাশাজনক বুলি মন্তব্য কৰে বিচিচিআয়ে।

ধোনীৰ অবসৰক লৈ ডায়না ইডুল্জীয়ে কয় যে বিশ্বকাপত ধোনীয়ে যিধৰণৰ খেল দেখুৱালে তাৰ প্ৰশংসা কৰিছো। অবসৰ লোৱাটো তেওঁৰ নিজৰ সিদ্ধান্ত। কেৱল তেওঁহে এই সিদ্ধান্ত ল’ব পাৰে।টীম ইণ্ডিয়াৰ যুৱ সদস্যসকলে ধোনীৰ মাৰ্গদৰ্শনৰ প্ৰয়োজন আছে।

অধিক খবৰৰ বাবে পঢ়ক: ছেমি ফাইনেলত এম এচ ধোনিৰ আউটৰ পিছতে মৃত্যু অনুৰাগীৰ

Next Story
চাকৰি