খেলৰ পৃথিৱী

ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল বক্সিং টুৰ্ণামেন্টৰ চেমী ফাইনেলত অসমৰ বক্সাৰ শিৱ থাপা

Sentinel Digital Desk

ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল বক্সিং টুৰ্ণামেন্টৰ চেমী ফাইনেলত অসমৰ বক্সাৰ শিৱ থাপা .। অসমৰ বক্সাৰ শিৱ থাপা (৬৩ কেজি) য়ে বুলগেৰিয়াৰ ৭১ তম ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল বক্সিং টুৰ্ণামেন্টত আয়াৰলেণ্ডৰ জৰ্জ বেটচক কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰি চেমী ফাইনেলৰ স্থান দখল কৰে ।

ভাৰতীয় বক্সাৰ ছোনিয়া লাথেৰ (৫৭ কেজি) , কমনৱেলথ গেমছৰ ব্ৰঞ্জ পদক প্ৰাপ্ত মহম্মদ হুছামুদ্দিন (৫৭ কেজি) য়েও ছেমী ফাইনেলত স্থান লাভ কৰে ।

নিখট জাৰিণ (৫১ কেজি) য়ে আমেৰিকাৰ ক্ৰিষ্টিনা ক্ৰুজৰ হাতত কোৱাৰ্টাৰত পৰাস্ত হয় । নিখটে বিগত বৰ্ষত তেওঁৰ খেলেৰে যথেষ্ট কতৃত্ব লাভ কৰিছিল। তেওঁ তেওঁৰ সকলো প্ৰতিদ্বন্দিকে অতি সহজে পৰাস্ত কৰি জয় লাভ কৰে আৰু ফিলিপাইনৰ মেগ্নো ইৰিছ ৫-০ ৰ ফাইনেলত তেওঁ দ্বিতীয়টো আন্তৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰে।

বিগত বৰ্ষত বক্সাৰ নিখত জাৰিণয়ে এই উচ্চ স্থান দখল কৰিছিল। নিকটে ৭০ তম ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল বক্সিং টুৰ্ণামেন্টত ৫১ কেজিত স্বৰ্ণ পদক লাভ কৰিছিল।

ভিডিঅ প্ৰতক্ষ্য কৰক: KMSS leader Akhil Gogoi produced before Special NIA Court in Guwahati