Begin typing your search above and press return to search.

দমনকাৰীৰ ৰূপত ভাৰতীয় ক্ৰিকেট দল, ১২খন ঘৰুৱা খেলত ধাৰাৱাহিক উন্নত প্রদর্শন

দমনকাৰীৰ ৰূপত ভাৰতীয় ক্ৰিকেট দল, ১২খন ঘৰুৱা খেলত ধাৰাৱাহিক উন্নত প্রদর্শন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Nov 2019 10:59 AM GMT

দমনকাৰীৰ ৰূপত ভাৰতীয় ক্ৰিকেট দল,১২খন ঘৰুৱা খেলত ধাৰাৱাহিক উন্নত প্রদর্শন। টেষ্ট ক্ৰিকেটত ধাৰাবাহিক ভাল প্রদর্শন কৰা ভাৰতে ভ্ৰমনকাৰী বাংলাদেশ দলৰ ওপৰত সম্পূৰ্ণ দমন অব্যাহত ৰাখিছে। দলটোক প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা দৈৱ নৈশ খেলখনত ৪৬ ৰাণত আবদ্ধ কৰিব সক্ষম হয় ভাৰতীয় ক্ৰিকেট দলটোৱে।অন্যহাতে খেলখনত পিংক কালাৰ ক্ৰিকেট বল ব্যৱহাৰ কৰা হৈছে ।

১৫২ ৰাণত ছয় তা উইকেট হেৰুৱাই খেলৰ তৃতীয় দিনত থমকি ৰোৱা বাংলাদেশৰ ইনিংছ অনুসৰণ কৰি ৮৯ ৰান কৰে ঘৰুৱা দলে।জয়ৰ পথ সুগম হৈ থকা ঘৰুৱা দলৰ বাবে বৰ্তমান জয়ৰ বাবে কিছু সময়ৰহে অপেক্ষা।

বিৰাট কহলীৰ নেতৃত্বত ভাৰতে ভাল প্রদর্শন কৰিছে। বাংলাদেশৰ মুশফিকুৰ ৰহমান (৭৪) ৰ বাহিৰে আন বেটছমেন সকলে প্ৰেছ বলিং ৰ বিৰুদ্ধে দুৰ্বল প্রদর্শন কৰা দেখা গৈছে।৪১.১অভাৰত ১৯৫ ৰান কৰা বাংলাদেশে প্ৰথম ইনিংছৰ প্ৰথম দিনটোতে কেৱ্লমাত্ৰ ১৩০ ৰাণত থমকি ৰয়।

ধাৰাবাহিক উন্নত প্ৰদৰ্শণৰ দ্বাৰা ভাৰতে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপটো সাতখন খেলত ৩৬০আৰু দুখন মেছৰ শৃংখলাত ১২০ পইণ্ট সংগ্ৰহেৰে আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে।

খেলৰ শেষত সাংবাদিকৰ আগত বিৰাট কহলীয়ে কয় যে কেৱল আপোনাৰ বিশ্বাসে আপোনাক জয়যুক্ত কৰিব পাৰে।যি দৰে দলৰ প্ৰেছ বলাৰ সকলে বল কৰিছে তেওঁলোকে যি কোনো স্থানতে আৰু যি কোনো পৰিবেশত আৰু যি কোনো সময়ত উইকেট লব পৰাকৈ সক্ষম।স্পীন্নাৰ সকলেও ভাল প্ৰদৰ্শন কৰিছে।দলৰ প্ৰতিজন খেলুৱৈয়ে ভালকৈ আনন্দ সহকাৰে খেলিছে।

দলৰ ১৫২/৬ স্কৰৰ সময়ত আক্ৰমণাত্মক বেটিং কৰি থকা সময়তে ৫৯ৰাণত নিজৰ উইকেট হেৰুৱাই মুচফীকুৰে।ঈশান্ত শৰ্মা আৰু ৰবীন্দ্ৰ জাদেজাৰ অভাৰত চাৰিতকৈ বাউণ্ডেৰী কোবাই বেটমেনজনে। উমেশ যাদৱৰ এক মন্থৰগতি বলত ৰবীন্দ্ৰ জাদেজাই কেটচ ধৰি বেটছ মেনজনক পেভিলিয়নমুখী কৰি তোলে।

অন্য খবৰৰ বাবে পঢ়ক: এচিয়ান বক্সিং গেমচৰ সোনৰ পদক প্ৰাপ্ত অসমৰ শিৱ থাপা আকৌ এবাৰ উজলি উঠিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত

ভিডিঅ প্ৰতক্ষ্য কৰক: Car lifting gang busted in Lumding, One Arrested

Next Story
চাকৰি