Begin typing your search above and press return to search.

এচিয়ান বক্সিং গেমচৰ সোনৰ পদক প্ৰাপ্ত অসমৰ শিৱ থাপা আকৌ এবাৰ উজলি উঠিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত

এচিয়ান বক্সিং গেমচৰ সোনৰ পদক প্ৰাপ্ত অসমৰ শিৱ থাপা আকৌ এবাৰ উজলি উঠিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2019 11:40 AM GMT

এচিয়ান বক্সিং গেমচৰ সোনৰ পদক প্ৰাপ্ত অসমৰ শিৱ থাপা আকৌ এবাৰ উজলি উঠিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ।‌ বক্সাৰ শিৱ থাপাৰ সাফল্য অব্যাহত । নিজকে আকৌ এবাৰ প্ৰমাণিত কৰিলে অসম গৌৰৱ শিৱ থাপাই ।

অসমৰ গৌৰৱ শিৱ থাপাই চতুৰ্থ শাখাৰ ইলাইট পুৰুষ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ১০ অক্টোবৰ তাৰিখ বৃহস্পতিবাৰে সোনৰ পদক অৰ্জন কৰি অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।৪ তম ৰাষ্ট্ৰীয় এলিট বক্সিং প্ৰতিযোগিতা খন অনুষ্ঠিত হয় হিমাচল প্ৰদেশৰ বাদ্দেন ইউনিভাৰচিটি‌ অফ ইমাৰজিং চাইন্স এন টেকনলোজীত ।

অসম গৌৰৱ শিৱ থিপাই ৪ তম ৰাষ্ট্ৰীয় এলিট বক্সিং প্ৰতিযোগিতাত ৬৩ কেজি শাখাত চাৰ্ভিছেচৰ আকাশক ৪-১ ব্যৱধানত পৰাস্ত কৰি জয় লাভ কৰিবলৈ সক্ষম হয় ।বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা‌ খনত প্ৰথমতে অতি ধীৰ গতিত খেলিছিল যদিও পিছলৈ শিৱ থাপাই চাৰ্ভিছেচৰ আকাশক পৰাস্ত কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য ৬৩ কেজি শাখাত শিৱ থাপাৰ এয়া প্ৰথমটো সোনৰ পদক ।তাৰোপৰি ভাৰতৰ শীৰ্ষ বক্সাৰ তথা অসম গৌৰৱ শিব থাপাই ২ বাৰ অলিম্পিক পদক আৰু ৪ বাৰ এচিয়ান পদক প্ৰাপ্ত ।২০০৮ চনত মস্কোত অনুষ্ঠিত হোৱা এচিয়াৰ শিশুৰ আন্তৰ্জাতিক ক্ৰীড়াত অসম গৌৰৱ শিৱ থাপাই নিজৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

হাইদাৰ এলিয়েভ কাপত সোনৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল শিৱ থাপা ।২০০৯ চনত আৰ্মেনিয়াত অনুষ্ঠিত হোৱা বিশ্ব কনিষ্ঠ বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল শিৱ থাপাই । ২০১২ চনৰ ১১ এপ্ৰিল তাৰিখে কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত হোৱা এছিয়ান অলিম্পিক কোৱালিফায়াৰ্চ ইভেন্টৰ ফাইনেলত প্ৰৱেশ কৰি অসম গৌৰৱ শিৱ থাপাই ২০১২ চনত লণ্ডনত অনুষ্ঠিত হোৱা লণ্ডন অলিম্পিকত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰে । শিৱ থাপা ভাৰতৰ বাবে যোগ্যতা অৰ্জন কাৰী কনিষ্ঠ বক্সাৰ ।ভাৰতৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে শিৱ থাপাক ভাৰত চৰকাৰে ২০১৫ - ১৬ চনত অৰ্জুন বঁটা ও প্ৰদান কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: পি ভি সিন্ধুৰ পিছত পুনৰ বক্সাৰ মেৰী কমৰ আন এক সাফল্য

ভিডিঅ প্ৰতক্ষ্য কৰক:Union Coal and Mines Minister Pralhad Joshi addresses media in Margherita

Next Story
চাকৰি