খেলৰ পৃথিৱী

কাইলৈ ভাৰত- নিউজিলেণ্ডৰ মাজত ছেমি ফাইনেল: বৰষুণ হোৱাৰ সম্ভাৱনা

Sentinel Digital Desk

বিশ্বকাপৰ কাইলৈ ছেমি-ফাইনেল। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হব খেলখন । কাইলৈ খেলখনত বতৰে বিধি পথালি দিয়াৰ সম্ভাৱনা আছে । বৰষুণ দিয়াৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞানে । বিশ্ব কাপৰ ছেমি ফাইনেলৰ বাবে উৎফুল্লি হৈ আছে ক্ৰিকেট অনুৰাগী সকল । ছেমি ফাইনেলত মেচত বিধি পথালি দিলেও ফাইনেললৈ উন্নীত হব ভাৰত ।

যদি খেল খন অনুষ্ঠিত নহয় দুয়োটা দলে প্ৰত্যেকেই এক এক পইন্ট ভগাই লব । ভাৰতে ১৫ পইণ্টেৰে তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে নিউজীলেণ্ডৰ পইণ্ট ১১। ফলস্বৰূপে ৯ জুলাইত মেচত বৰষুণে বিধি পথালি দিলে বা ছেমি ফাইনেললৈ ৰিজাৰ্ভ ৰখা ১০ জুলাই তাৰিখে বৰষুণ দিলেও ভাৰতে পইণ্ট তালিকাত নিউজীলেণ্ডকৈ বেছি পইণ্ট পোৱাৰ কাৰণে খেলিব পাৰিব চলিত বিশ্বকাপৰ ফাইনেল।অৱশ্যে নক–আউট মেচৰ বাবে আই চি চিয়ে ৰাখিছে ৰিজাৰ্ভ ডে’। এনে অৱস্থাত ছেমি ফাইনেল আৰু ফাইনেল মেচৰ দিনা বৰষুণ হ’লে পৰৱৰ্তী দিনটো ৰিজাৰ্ভ হ’ব। চিন্তাৰ কাৰণতো হ’ল, ৰিজাৰ্ভ ডে’ৰ দিনাও মূষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে মানচেষ্টাৰত।

মঙলবাৰে অনুষ্ঠিত হ’ব চলিত বিশ্বকাপৰ প্রথমখন ছেমি ফাইনেল। প্ৰথমখন ছেমি ফাইনেলত সন্মুখ সমৰত অৱতীৰ্ণ হ’ব পইণ্ট তালিকাৰ শীৰ্ষত থকা ভাৰত আৰু চতুৰ্থ স্থানত থকা নিউজীলেণ্ড।

বৰষুণে খেল খনত বিধি পথালি দিয়াৰ সম্ভাৱনা আছে । বিশ্ব কাপৰ ছেমি ফাইনেলৰ বাবে উৎফুল্লি হৈ আছে ক্ৰিকেট অনুৰাগী সকল । ছেমি ফাইনেলত মেচত বিধি পথালি দিলেও ফাইনেললৈ উন্নীত হব ভাৰত ।