Begin typing your search above and press return to search.

বিশ্বকাপৰ অন্তিম খন খেলৰ পাছতে এম এচ ধোনিয়ে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট অবসৰ লোৱাৰ সম্ভাৱনা

বিশ্বকাপৰ অন্তিম খন খেলৰ পাছতে এম এচ ধোনিয়ে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট অবসৰ লোৱাৰ সম্ভাৱনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 July 2019 1:41 PM GMT

বিশ্বকাপৰ অন্তিম খন খেলৰ পাছতে এম এচ ধোনিয়ে অবসৰ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ধোনীৰ অনুৰাগী আৰু ভাৰতীয় ক্ৰিকেট দলৰ বাবে ই নিশ্চিত ভাৱে এটা বেয়া খবৰ। চলিত বিশ্বকাপৰ অন্তিম খন খেলৰ পাছতে এম এচ ধোনিক নীলা ৰঙৰ জাৰ্চিত দেখিবলৈ পোৱা নাযাব । চলিত বিশ্বকাপ্ পিছত এম এচ ধোনীক আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট খেলত দেখা পোৱা নাজাব পাৰে|

ভাৰতে যদি বিশ্বকাপৰ ছেমিফাইনেলত জয় কৰি ফাইনেলত প্ৰৱেশ কৰে , তেতিয়া শেষৰ খন খেল ১৪ জুলাইত লৰ্ডত বিশ্বকাপ ফাইনেলত খেলিব । এই খেল খনে এম এচ ধোনিৰ অন্তিম খন খেল হব পাৰে।

বিচিচিআইৰ এজন জেষ্ঠ বিষয়ায়ে কয় যে আপোনালোকে মহেন্দ্ৰ সিং ধোনীৰ বিষয়ে একো ক’ব নোৱাৰে। কিন্তু বিশ্বকাপৰ পিছত তেওঁ যে খেল অব্যাহত ৰাখিব তাৰ আশা খুবেই ক্ষীণ। ধোনীয়ে অধিনায়কৰ পদ এৰাৰ সিদ্ধান্তও হঠাৎ লৈছিল, এনে অৱস্থাত কোনো অনুমান লগোৱাটো কঠিন।

চলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে টীম ইণ্ডিয়াই। এই সংবেদনশীল বিষয়টোক লৈ মুকলিকৈ একো প্ৰকাশ কৰা নাই বিচিচিআই আৰু টীম মেনেজমেণ্টে। ধোনীয়ে চলিত বিশ্বকাপত ৭খন মেচত ২২৩ ৰান কৰিছে। নিজৰ লেহেমীয়া বেটিঙক লৈ সমালোচনাৰ সন্মুখীনো হৈছে ধোনী।

বৰ্তমানৰ বাছনি সমিতিৰ কাৰ্যকাল অক্টোবৰ মাহত হ’বলগীয়া এ জি এমলৈ বাহাল থকাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত আগন্তুক বৰ্ষত অষ্ট্ৰেলিয়াত হ’বলগীয়া টি–২০ বিশ্বকাপৰ বাবে দলৰ পুনৰগঠনৰ প্ৰস্তুতি আৰম্ভ হ’ব। এনে অৱস্থাত নতুন বাছনি সমিতিৰ সন্মুখত টি–২০ বিশ্বকাপৰ বাবে অধিক সময় নাথাকিব।

অধিক খবৰৰ বাবে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অব্যাহতি ২০১১ বিশ্বকাপৰ হিৰো যুৱৰাজ সিঙৰ

Next Story
চাকৰি