খেলৰ পৃথিৱী

ক্ৰিকেট বিশ্বকাপৰ চেমী ফাইনেলত পৰাজিত হোৱাৰ পিছত অধিনায়ক বিৰাট কোহলীৰ প্ৰতিক্ৰিয়া

Sentinel Digital Desk

ক্ৰিকেট বিশ্বকাপৰ পৰা ভাৰতীয় দল ঘৰ মূৱা হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৪৫ মিনিটৰ এটি বাৰ্তা প্ৰেৰণ কৰিছে ৷ নিউজিলেণ্ডৰ লগত ১৮ ৰাণত পৰাজিত হোৱাৰ পিছত ভাৰতীয় জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ প্ৰথমতে নিউজিলেণ্ডে বেটিং কৰি ২৪০ ৰাণ কৰি লক্ষ্য স্থিৰ কৰিছিল ৷

কিন্তু বিধিৰ বিপাকত ভাৰতীয় দলৰ তিনিজন ক্ৰিকেটাৰ ক্ৰমে ৰোহিত শৰ্মা,কে এল ৰাহুল আৰু বিৰাট কোহলী নিউজিলেণ্ডৰ বলাৰ সন্মুখত ধৰাসায়ী হৈ আউট হয় ৷ ইয়াৰ বিপৰীতে ৰবীন্দ্ৰ জাদেজাই ৫৯ টা বলত ৭৭ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ভাৰতীয় দলৰ ক্ষেত্ৰত ৰেঙনি আনিবলৈ সক্ষম হয় যদিও নিউজিলেণ্ডে নিজৰ স্থিতি দখল কৰে বিশ্ব কাপত ৷ অন্যহাতে ছেমী ফাইনেলত অধিনায়ক বিৰাট কোহলীয়ে কয় যে আমি বেটিং কৰাৰ সময়ত প্ৰায় ৪০ মিনিটত খেলখন সম্পূৰ্ণ পৰিৱৰ্তন হৈছিল ৷

লগতে ৪০-৪৫ মিনিটত যেতিয়া পাঁচজনৰ ভিতৰত ৩ জন আউট হয়। তেতিয়া খেলখনৰ ক্ষেত্ৰত দলটো আগবাঢ়ি যাবলৈ যথেষ্ট কঠিন হয়। ইফালে পৰাজয় সন্দৰ্ভত বিৰাট কোহলীয়ে কয় যে সেই ৪৫ মিনিটত হোৱা পৰিস্থিতিৰ অভিজ্ঞতা অত্যন্ত দুখঃজনক। এনেধৰণৰ পৰাজয়ৰ পিছত যিকোনো লোক একেবাৰে ভাগি যাব পাৰে। কাৰণ এখল খেলত আগবাঢ়ি যাবৰ কাৰণে বহু কষ্ট কৰিব লগীয়া হয় ৷

কাৰণ খেলৰ সূচীত আপুনি ১ নম্বৰ স্থানত আছে। অপ্ৰত্যাশিত ভাৱে নভবাকৈয়ে আপুনি খেলৰ পৰা একেবাৰে বাহিৰ হ’ব লগা হয় ৷ কিন্তু সম্প্ৰতি সকলোৱে এই সত্যটোক স্বীকাৰ কৰিব লাগিব ৷এই মন্তব্য বিৰাট কোহলী ৷ উল্লেখ্য যে বিশ্ব কাপ চেমী ফাইনেলত ভাৰতীয় দলৰ তিনিটাকৈ বেটছমেন আউট হোৱাৰ পিছত লগতে ভাৰতীয় দেশবাসী কিছুসংখ্যৰ মাজত দেখা গৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷