খেলৰ পৃথিৱী

কোহলী আৰু ৰাহানেৰ দায়িত্বশীল বেটিঙেৰে প্ৰতিৰোধ গঢ়িছে ভাৰতে

Sentinel Digital Desk

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাৰ্থত চলি থকা শৃখলাৰ দ্বিতীয়খন টেষ্টত অষ্ট্ৰেলিয়াৰ বলাৰৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়িছে আলহী দল ভাৰতে। দ্বিতীয় দিনৰ খেল সামৰণি পৰালৈ ভাৰতে তিনিটা উইকেট হেৰুৱাই ১৭২ ৰাণ সংগ্ৰহ কৰিছে। অষ্ট্ৰেলিয়াই প্ৰথম দিনৰ ২৭৭-৬ ৰ পৰা খেলিবলৈ আৰম্ভ কৰি ভোজন বিৰতিৰ আগত আটাইকেইটা হেৰুৱাই ৩২৬ ৰাণ সংগ্ৰহ কৰে। কালিৰ অপৰাজিত বেটছমেন টিম পাইনে ৩৮ ৰাণ আৰু পেট কামিনছে ১৯ ৰাণ কৰি পেভিলিয়ানমুখি হয়। ভাৰতৰ হৈ বলিঙত ইশান্ত শৰ্মাই ৪ টা, বুমৰাহে ২ টা, হনুমান বিহাৰী আৰু উমেশ যাদবে ২ টাকৈ উইকেট দখল কৰে।

অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছ আৰম্ভ কৰিয়ে দলীয় স্কোৰ ৮ ৰাণতে দুই অপেনাৰ মুৰুলী বিজয় আৰু লোকেশ ৰাহুলৰ উইকেট হেৰুৱাই।পুনৰ ব্যৰ্থ হোৱা ৰাহুলে কৰে ২ ৰাণ আৰু বিজয়ে শূন্য ৰাণত আউট হয়। প্ৰথম টেষ্টৰ ম্যান অফ দ্যা মেচ পূজাৰা আৰু কোহলীয়ে সতৰ্কতাৰে খেলি দলৰ স্কোৰ আগবঢ়াই নিয়াৰ সময়তে মিচেল ষ্টাৰ্কৰ এটা দ্ৰুত বেগী ব'ল ফ্লিক কৰিব গৈ উইকেট ৰক্ষক টিম পাইনৰ হাতত কেচ দি পূজাৰাই ব্যক্তিগত ২৪ ৰাণত আউট হয়। পূজাৰাৰ পিছতে ক্ৰিজলৈ আহে ভাৰতীয় দলৰ সহ অধিনায়ক আজিংক ৰাহানে। আজিংক ৰাহানে প্ৰথমৰে পৰা অষ্ট্ৰেলিয়াৰ বেগী বলিঙৰ বিপক্ষে আক্ৰমণাত্মক ভাবে খেলি অৰ্ধশতৰাণ সম্পূৰ্ণ কৰে। অধিনায়ক বিৰাট কোহলীয়ে আনটো মুৰে দায়িত্বশীল ভাবে খেলি দ্বিতীয় দিনৰ খেলৰ সামৰণি পৰালৈ ব্যক্তিগত ৮২ ৰাণত অপৰাজিত হৈ থাকে। কাইলৈ খেলৰ তৃতীয় দিন, তৃতীয় দিনৰ খেলৰ অন্তত ফলাফল কোন দিশে যাব স্পষ্ট হৈ পৰিব।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী