খেলৰ পৃথিৱী

ছিডনীত খেলিব চিমোনা হেলেপে

Sentinel Digital Desk

বিশ্ব মহিলা টেনিছৰ শীৰ্ষ বাচনিৰ তাৰকা খেলুৱৈ চিমোনা হেলেপে ছিডনীত অনুষ্ঠিত হব লগা আন্তঃৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা খনত অংশ গ্ৰহণ কৰিব। ছিডনী আন্তঃৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা খনৰ উদ্যোক্তা সমিতিয়ে হেলেপৰ অংশগ্ৰহণৰ নিশ্চিতি প্ৰদান কৰিছে।উল্লেখযোগ্য যে বিশ্বৰ শীৰ্ষ স্থানৰ দহগৰাকী মহিলা খেলুৱৈৰ ভিতৰত আঠ জনেই টেনিছ প্ৰতিযোগিতা খনত অংশ গ্ৰহণ কৰিব। শীৰ্ষ দহৰ ভিতৰত কেৰলিনা ৱাজিংকি আৰু এলিনা ভিটোলিনাই প্ৰতিযোগিতা খনৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে। প্ৰতিযোগিতা খনৰ আহ্বায়ক লৰেঞ্চ ৰবাৰ্টে প্ৰতিযোগিতা খনত বিশ্বৰ প্ৰতিভাবান আৰু তাৰকা খেলুৱৈ সকলে অংশগ্ৰহণ কৰা বাবে অধিক আগ্ৰহী হৈ পৰিছে বুলি মন্তব্য কৰে। ৰোমানিয়ান খেলুৱৈ হেলেপে ২০১৮ চনত ফ্ৰেন্স অপেনৰ খিতাপ দখল কৰিছিল