খেলৰ পৃথিৱী

পূজাৰাৰ শতৰাণেৰে বিপৰ্যয় ৰোধ ভাৰতৰ

Sentinel Digital Desk

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চাৰিখনীয়া টেষ্ট শৃখলাৰ প্ৰথমখন টেষ্ট আজিৰ পৰা ভাৰতীয় সময় অনুসৰি ৰাতিপুৱা ৬ বজাৰ পৰা এডিলেইটত আৰম্ভ হৈছে। অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট চিৰিজ জয়ৰ সোৱাদ নোপোৱা ভাৰতীয় দলটো এইবাৰ অধিনায়ক বিৰাট কোহলীৰ নেতৃত্বত যথেষ্ট আত্মবিশ্বাসেৰে অৱতীৰ্ণ হৈছে।

টছত জয়ী হৈ অধিনায়ক বিৰাট কোহলীয়ে প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। অষ্ট্ৰেলিয়াৰ বাউন্সি উইকেটতত দুৰ্বলতা থকা ভাৰতীয় দলে দলীয় স্কোৰ ১৫ ৰাণতে দুই অপেনাৰ মুৰুলী বিজয় আৰু লোকেশ ৰাহুলৰ উইকেট হেৰুৱাই বিপদত পৰে। ব্যৰ্থ হয় অধিনায়ক কোহলী(৩), আজিংক ৰাহানে(১৩)।দীৰ্ঘদিনৰ বিৰতিৰ অন্তত টেষ্ট দললৈ প্ৰত্যাবৰ্তন কৰা ৰোহিত শৰ্মা আৰু উইকেট কীপাৰ ঋষভ পণ্টে ২৫ আৰু ৩৭ ৰাণ কৰি কিছু প্ৰতিৰোধ গঢ়াৰ চেষ্টা কৰিছিল যদিও অষ্ট্ৰেলিয়াৰ স্পিনাৰ নাথান লিয়নৰ চিকাৰ হয়।

একমাত্ৰ দলৰ বিপৰ্যয়ৰ সময়তো উজলি উঠে ভাৰতীয় মিডিল অৰ্ডাৰ বেটছমেন চেতেশ্বৰ পূজাৰা। অষ্ট্ৰেলিয়াৰ বলাৰৰ বিৰুদ্ধে সাৱলীল ভাবে খেলি দৰ্শনীয় শতৰাণেৰে ১২৩ ৰাণত অপৰাজিত হৈ ৰয় পূজাৰা। প্ৰথম দিনৰ খেলৰ অন্তত ভাৰতে ৯ টা উইকেট হেৰুৱাই ২৫০ ৰাণ সংগ্ৰহ কৰিছে।অষ্ট্ৰেলিয়াৰ হৈ বলিঙত মিচেল জনচন, হেজেলহুদ, পেট কামিনছ আৰু নাথান লিয়নে দুটাকৈ উইকেট দখল কৰে।