খেলৰ পৃথিৱী

ফ্ৰান্সৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হ'ল এমবাপে

Sentinel Digital Desk

চলিত বৰ্ষটো যেন অতি সৌভাগ্যবান হিচাপে বিবেচিত হৈছে ফ্ৰান্সৰ উদীয়মান খেলুৱৈ কেলিয়ান এমবাপেৰ বাবে। এটাৰ পিছত এটাকৈ সন্মানে এমবাপেক খেদি ফুৰিছে। এইবাৰ ফ্ৰান্সৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হ'ল ফ্ৰান্সৰ তাৰকা যুৱ ফুটবল প্ৰতিভা এমবাপেক। ফ্ৰান্সৰ ফুটব'ল আলোচনী এখনে প্ৰদান কৰে এই সন্মান। পাচ দিন পূৰ্বে নিজৰ ২০ বছৰীয়া জন্মদিন পালন কৰা এমবাপে ফুটব'ল আলোচনী খনে পতা প্ৰতিযোগিতাত তাৰকা ফুটবলাৰ এণ্টনী গ্ৰিজমেন আৰু ৰাফেল ভাৰনেক অতিক্ৰম কৰি সৰ্বোচ্চ ভোট লাভ কৰি বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান আজুৰি আনে।

ফুটব'ল বিশ্বৰ নৱতম চাঞ্চল্য এমবাপেৰ বাবে ২০১৮ বৰ্ষটো এটা গুৰুত্বপূৰ্ণ বৰ্ষ হিচাপে পৰিগণিত হৈছে। এমবাপেৰ দুধৰ্ষ প্ৰদৰ্শনৰ বলতেই ফ্ৰান্সে চলিত বৰ্ষত দ্বিতীয় বাৰৰ বাবে ফিফা বিশ্বকাপৰ ট্ৰফী ডাঙি ধৰিবলৈ সক্ষম হৈছিল। সমগ্ৰ প্ৰতিযোগিতা খনতে এমবাপে ফ্ৰান্স জাতীয় ফুটব'ল দলৰ হৈ উজ্জীৱিত প্ৰদৰ্শন ডাঙি ধৰিছিল।ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্বকাপত ডাঙিধৰা দৰ্শনীয় প্ৰদৰ্শনৰ ফলত এমবাপে বিশ্বকাপৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ বঁটা লাভ কৰে। ক্লাৱ পৰ্য্যায়ত ফ্ৰান্সৰ পেৰিছ চেইণ্ট জাৰ্মানৰ হৈ খেলা এমবাপে এইবাৰ ফ্ৰেন্স কাপ লীগ-১ আৰু ফ্ৰেন্স লীগ কাপ জয় কৰিবলৈ সক্ষম হয়। ২০১৮ বৰ্ষত এমবাপে জাতীয় দল আৰু ক্লাৱৰ হৈ মুঠ ৩৪ টা গ'ল কৰিবলৈ সক্ষম হয়।

ফ্ৰান্সৰ ফুটব'ল আলোচনীখনে ১৯৫৯ চনৰ পৰাই প্ৰতিবছৰে ফ্ৰান্সৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰি আহিছে।এই বঁটা কেবল মাত্ৰ ফ্ৰান্সৰ খেলুৱৈ সকলৰ বাবেহে প্ৰজ্যোয্য। ফ্ৰান্সৰ খেলুৱৈ হৈ বাহিৰত খেলি থকা খেলুৱৈসকলকো এই ক্ষেত্ৰত প্ৰতিযোগিতাৰ বাবে যোগ্য বুলি বিবেচনা কৰা হয়।বিগত বৰ্ষত চেলচিৰ মিজফিল্ডাৰ কাণ্টে এই সন্মান লাভ কৰিছিল। ইয়াৰ আগেয়ে বিশ্বকাপৰ ফাইনেলত গ'ল স্কোৰ কৰাৰ সুবাদত এমবাপে ২০১৮ বৰ্ষৰ যুৱ খেলুৱৈৰ কোপা ট্ৰফী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৮ বৰ্ষৰ ফিফা বিশ্বকাপ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ বঁটা লাভ কৰা ফ্ৰান্সৰ এমবাপে প্ৰতযোগিতাখনত মুঠ চাৰিটা গ'ল স্কোৰ কৰিছিল।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী