খেলৰ পৃথিৱী

মহম্মদ চিৰাজ আৰু সিদ্ধাৰ্থ কৌল ভাৰতীয় দলত, জিৰণি দিয়া হ'ল জাচপ্ৰীত বুমৰাহক

Sentinel Digital Desk

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব লগীয়া আগন্তুক এদিনীয়া শৃংখলা আৰু নিউজিলেণ্ডৰ বিপক্ষে খেলিৱ লগীয়া টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলৰপৰা জিৰণিৰ বাবে অব্যাহতি দিয়া হৈছে বেগী ব'লাৰ জাচপ্ৰীত বুমৰাহক। জাচপ্ৰীত বুমৰাহৰ স্থানত ভাৰতীয় দললৈ আমন্ত্ৰণ জনোৱা হৈছে প্ৰতিভাৱান বেগী বলাৰ মহম্মদ চিৰাজক। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে আগন্তুক অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ক্ৰিকেট দলৰ বিৰুদ্ধে খেলিৱ লগীয়া সীমিত অভাৰৰ প্ৰতিযোগিতাৰ পৰা বুমৰাহক জিৰণি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সচিৱ অমিতাভ চৌধুৰীয়ে মংগলবাৰে এই কথা প্ৰকাশ কৰে। ভাৰতীয় ক্ৰিকেট দলৰ ব'লাৰ সকলৰ বাঢ়ি অহা কামৰ হেঁচাৰ বাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি কোৱা হৈছে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক ঘৰুৱা শৃংখলাৰ পূৰ্বে প্ৰয়োজনীয় জিৰণি লাভ কৰাৰ বাবেই বুমৰাহক দলৰ পৰা অব্যাহতি দিয়া হৈছে। বুমৰাহৰ স্থানত হাইদৰাবাদৰ যুৱ বেগী বলাৰ মহম্মদ চিৰাজক অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডগামী ভাৰতীয় দলত স্থান দিয়া হৈছে। বুমৰাহে ভাৰতৰ চলিত অষ্ট্ৰেলিয়া ভ্ৰমণত প্ৰথম বাৰৰ বাবে টেষ্ট শৃংখলা দখল কৰাৰ ক্ষেত্ৰত মুখ্য ভুমিকা গ্ৰহণ কৰিছিল। বিগত বৰ্ষত ইংলেণ্ডৰ বিৰুদ্ধে অভিষেক ঘটোৱা আন এজন বেগী ব'লাৰ সিদ্ধাৰ্থ কৌলকো ভাৰতীয় দলত স্থান দিয়া হৈছে। প্ৰথমটো শৃংখলা খেলি দলৰ পৰা বাদ পৰা কৌল পুনৰ ভাৰতীয় দললৈ উভতি আহিছে। সিদ্ধাৰ্থ কৌলক আগন্তুক নিউজিলেণ্ডৰ বিপক্ষে খেলিবলগীয়া টি-২০ শৃংখলাৰ বাবেও দলত স্থান দিয়া হৈছে। ভাৰতে নিউজিলেণ্ডৰ বিপক্ষে টি-২০ শৃংখলাত অংশ লোৱাৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিপক্ষে জানুৱাৰীৰ ১২, ১৫ আৰু ১৮ তাৰিখে এদিনীয়া শৃংখলাত অংশ লব।

আনহাতে ভাৰতীয় দলৰ বিস্ফোৰক উইকেট ৰক্ষক বেটছমেন ঋষভ পণ্টৰ আইচিচি টেষ্ট ৰেংকিঙতো উত্তোৰণ ঘটিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত টেষ্ট শৃংখলাত সুন্দৰ প্ৰদৰ্শন কৰাৰ সুবাদতে পণ্টে ২১ টা স্থান আগবাঢ়ি কেৰিয়াৰৰ সৰ্বোচ্ছ ১৭ নং স্থানত উপনীত হৈছে। আকৌ ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য মিডিল অৰ্ডাৰ বেটছমেন চেতেশ্বৰ পূজাৰাৰো টেষ্ট ৰেংকিঙত উন্নতি ঘটিছে। চলিত শৃংখলাত তিনিটা শতৰাণ অৰ্জন কৰা পূজাৰাই তৃতীয় স্থানত উপনীত হৈছে।ভাৰতীয় ক্ৰিকেট দলটোৱে চলিত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত খেলা টেষ্ট শৃংখলাটো ২-১ ব্যাৱধানত দখল কৰিছিল। এয়া ভাৰতৰ অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথম টেষ্ট শৃংখলা বিজয়। ভাৰতীয় এদিনীয়া দললৈ আৰু টি-২০ দললৈ উভতি আহিছে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া ভাৰতীয় এদিনীয়া দলটো: বিৰাট কোহলী, ৰোহিত শৰ্মা, লোকেশ ৰাহুল, শিখৰ ধাৱান, অম্বাতি ৰায়ডু, দিনেশ কাৰ্তিক, কেডাৰ যাদৱ, মহেন্দ্ৰ সিং ধোনী, হাৰ্ডিক পাণ্ডেয়া, কুলদীপ যাদৱ, য়ুবেন্দ্ৰ চহল, ৰবীন্দ্ৰ জাদেজা, ভূৱেনশ্বৰ কুমাৰ, মহম্মদ চিৰাজ, খলিল যাদৱ আৰু মহম্মদ শ্বামী।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী