খেলৰ পৃথিৱী

ৰঞ্জী ট্ৰফীত হাৰিয়ানাৰ বিপক্ষে বৃহৎ বিজয় অসমৰ

Sentinel Digital Desk

গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অসম আৰু হাৰিয়ানাৰ মাজৰ ৰঞ্জী ট্ৰফীৰ এখন খেলত এক ইনিংছ আৰু ৩৫ ৰাণৰ বৃহৎ বিজয় সাব্যস্ত কৰিছে অসমে। প্ৰথমে বেট ধৰি অসমে গকূল শৰ্মাৰ ৯৫ ৰাণৰ সহায়ত আটাইকেইটা উইকেট হেৰুৱাই ৩১০ ৰাণ সংগ্ৰহ কৰে। অসমৰ ৩১০ ৰাণৰ প্ৰত্যুত্তৰত হাৰিয়ানাই অৰূপ দাস আৰু ৰঞ্জিত মালীৰ ক্ষুৰাধাৰ বলিঙৰ আগত তিষ্ঠিব নোৱাৰি ৯৭ ৰাণতে নিজৰ প্ৰথম ইনিংছ সামৰে।

ফলোৱনৰ সন্মুখীন হোৱা হাৰিয়ানাই নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিওঁ বিপদত পৰে।দলীয় স্কোৰ ৫ ৰাণতে দলটোৱে দুই অপেনাৰৰ উইকেট হেৰুৱাই সংকটত পৰে। সত্তৈন্য বিশ্বই ব্যাক্তিগত ৭৮ ৰাণেৰে কিছু প্ৰতিৰোধ গঢ়াৰ চেষ্টা কৰিলেও ব্যৰ্থ হয় আন সকল বেটছমেন। দ্বিতীয় ইনিংছতো অৰূপ দাস আৰু মুখতাৰ হুছেইনৰ চমকপ্ৰদ বলিঙৰ আগত মুৰ দাঙি উঠিব নোৱাৰি ১৭৮ ৰাণতে দ্বিতীয় সামৰি এক ইনিংছ আৰু ৩৫ ৰাণৰ বৃহৎ পৰাজয়ৰ সন্মুখীন হয় হাৰিয়ানা। ওড়িশাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হোৱা অসমে এই বিজয়ৰ দ্বাৰা বহুখিনি আত্মবিশ্বাস ঘুৰাই পাইছে। অৰূপ দাসে দুৰ্দান্ত বলিঙেৰে খেল খনত ৯ টা উইকেট দখল কৰে। ইয়াৰ লগে লগে অৰূপ দাসে আবু নাচিম আহমেদক অতিক্ৰমি ৰঞ্জী ট্ৰফীত অসমৰহৈ সৰ্বোচ্চ উইকেট দখল কৰা পেচ বলাৰ ৰূপে পৰিগণিত হয়।

অধিক খবৰৰ বাবে পঢ়ক: খেলৰ পৃথিবী