বিবিধ

ভাৰতীয় বেডমিন্টন তাৰকা পি ভি সিন্ধুক বিয়া পাতিব এগৰাকী ৭০ বছৰীয়া বৃদ্ধাই

Sentinel Digital Desk

ভাৰতীয় বেডমিন্টন তাৰকাত বিয়া পাতিবলৈ মন মেলিছে দক্ষিণ ভাৰতৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই ৷ হয় আপুনি ঠিকেই পঢ়িছে ৷ ৭০ বছৰীয়া এইগৰাকী বৃদ্ধাৰ মন্তব্য ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে ৷ দক্ষিণ ভাৰতৰ এইগৰাকী বৃদ্ধাৰ নাম হৈছে মলয়স্বামী ৷ আৰু ৭০ বছৰীয়া মলয়স্বামীয়ে বিয়া পাতিব ২৪ বছৰীয়া পি ভি সিন্ধুক।

ঘটনা অনুসৰি জিলা উপায়ুক্তই সাপ্তাহিক মিটিঙত ৰাইজৰ পক্ষ শুনি থকাৰ সময়তে হাতত পি ভি সিন্ধুৰ এখন ফ’টো লৈ মলয়স্বামীয়ে নিজৰ ইচ্ছাৰ কথা ব্যক্ত কৰে ৷লগতে মলয় স্বামীয়ে কয় যে পি ভি সিন্ধুৰ কেৰিয়াৰক লৈ তেওঁক বহু সন্তুষ্টি লাভ কৰিছে ৷গতিকে সিন্ধুৰ লগত তেওঁ কিয় বিবাহ পাশত আৱদ্ধ হ’ব নোৱাৰিব ৷

ইফালে মলয়স্বামী নিজৰ বয়সৰ কথা কোৱাৰ লগতে ২০০৪ চনত জন্ম হোৱা ১৬ বছৰীয়া এটা ল’ৰা আছে বুলিও প্ৰকাশ কৰে। সম্প্ৰতি সাম্প্ৰতিক সময়ৰ ভাৰতৰ বেডমিন্টন জগতৰ পি ভি সিন্ধুৰ দৰে ষ্টাৰৰ এই খবৰক লৈ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷

উল্লেখ্য যে বেডমিন্টন বিশ্ব চেম্পিয়নশ্বিপৰ ৪২ বছৰৰ ইতিহাসত প্ৰথমবাৰলৈ ভাৰতীয় শ্বাটলাৰ হিচাপে বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হ’ল পি ভি সিন্ধুৱে ৷ বি ডব্লিউ এফৰ দেওবাৰৰ মহিলাৰ ছিংগলছৰ ফাইনেলত পি ভি সিন্ধুৱে পুৰাতন প্ৰতিদ্বন্দ্বী জাপানী তাৰকা নুজুমী অকুহাৰাক হৰুৱাই স্বৰ্ণ জয় কৰে ৷

বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপত এই পৰ্যন্ত ভাৰতে জয় কৰিলে ১০ টা পদক। ইয়াৰে পাঁচটা লাভ কৰিছে পি ভি সিন্ধুৱে । এটা স্বৰ্ণসহ দুটা ব্ৰঞ্জ আৰু দুটা ৰূপৰ পদক। আনহাতে ২০১৬ চনত ৰিঅ’ অলিম্পিক,২০১৭ বিশ্ব চেম্পিয়নশ্বিপ,২০১৮ কমনৱেলথ গেমছ আৰু ২০১৮ বিশ্ব চেম্পিয়নশ্বিপত ৰূপক পদক লাভ কৰিছিল সিন্ধুৱে।

ইফালে বহুবাৰ অসফলতাৰ সন্মুখীন হোৱা পি ভি সিন্ধুৱে সকলোকে দেখুৱাই দিলে যে একাগ্ৰতা,দৃঢ়তা থাকিলে সকলোতে সফলতাৰ সন্মুখীন হ’ব পাৰি। ভাৰতীয় বেডমিন্টন এই ঐতিহাসিক দিনটোতে পি ভি সিন্ধুক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু,উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু,ড° হিমন্ত বিশ্ব শৰ্মা আদিয়ে পি ভি সিন্ধুৱে ৷

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পি ভি সিন্ধুক টুইটাৰ যোগে শুভেচ্ছা জনাই কয় যে,প্ৰতিভাশালী পি ভি সিন্ধুৱে পুনৰ ভাৰতক গৌৰাম্বিত কৰিলে ৷ যি একাগ্ৰতা আৰু দৃঢ়তাৰে খেলিছে সেয়া প্ৰেৰণাদায়ক ৷ সিন্ধুৰ এই সাফল্যই অনাগত প্ৰজন্মক প্ৰেৰণা দিব ৷