Begin typing your search above and press return to search.

চাৰিচকীয়া বাহনৰ তলত সোমায়ো কথমপি ৰক্ষা এজন ব্যক্তিৰ :ভিডিঅ’ চাওঁক

চাৰিচকীয়া বাহনৰ তলত সোমায়ো কথমপি ৰক্ষা এজন ব্যক্তিৰ :ভিডিঅ’ চাওঁক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Sep 2019 11:51 AM GMT

চাৰিচকীয়া বাহনৰ তলত সোমায়ো কথমপি ৰক্ষা এজন ব্যক্তিৰ ৷এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কেৰেলাৰ কোঝিকোডত ৷ দুচকীয়া এখন বাহন চালকৰ গৰাকী সোমালগৈ এখন বাছৰ তলত ৷ লগে লগে সৃষ্টি হ’ল এক হুলস্থুলীয়া পৰিবেশৰ ৷ঘটনা অনুসৰি দুচকীয়া বাহনখনৰ গৰাকীয়ে গাড়ীখন চলাবলৈ লওঁতেই পিছ ফালৰ পৰা এখন বাছে খুন্দিয়াই লৈ যায় ।ইয়াৰ পিছতে বাছখনৰ তলতে অলপ সময় চোচৰাই লৈ যোৱাৰ পিছতে কথমপি ৰক্ষা পৰে লোকজন ৷

এই সমগ্ৰ ঘটনাটো সম্প্ৰতি ভিডিঅ’ৰ জৰিয়তে ভাইৰেল হৈ পৰিছে। ইফালে এই দুৰ্ঘটনাৰ টোৰ পিছত বাছখনক ঘেৰাও কৰে স্থানীয় ৰাইজে। কাৰণ দুচকীয়া বাহনৰ গৰাকীৰ উপৰিও বাছখনৰ আন তিনিজনলোক আঘাত প্ৰাপ্ত হয়। আনহাতে ইয়াৰ পিছত বাছ খনৰ চালক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

Video Credits: ANI

[embed]https://twitter.com/i/status/1173904814511656960[/embed]

উল্লেখ্য বাছখনক হেপী টপ বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাটো সংঘটিত হৈছে বিগত সোমবাৰে ১১.১৫ ত। এনেধৰণৰ ঘটনা এয়ে প্ৰথম নহয়। পূৰ্বতেও এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল বাংগালুৰুত ৷ কাৰণ শুভ নামৰ এজন বাহন চালক এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল। কাৰণ এই ঘটনাটোৰ সমস্ত দৃশ্যাংশ চিচিটিভি কেমেৰাত বন্দী হৈছিল। আৰু ভিডিঅ’টি দেখা অনুসৰি কিছুমান মানুহে ঘটনাটি সংঘটিত হোৱাৰ সময়ত ফুটপাথত খোজকাঢ়ি গৈ থকাৰ বিপৰীত কিছুমানে চাহ খোৱাত ব্যস্ত হৈ আছিল ৷

লগতে এই ভয়ংকৰ ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইফালে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন আছিল এখন কাৰ ৷অৰ্থাৎ চাৰি চকীয়া বাহন।লগতে আৰক্ষীয়ে ১৮৫ ধাৰাৰ অন্তৰ্গত এটা গোচৰ দাখিল কৰিছে ৷আৰু যান বাহন আইনৰ অধীনত কেছ দাখিল কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : হ’ব লগা স্বামীক বচাবলৈ নিজৰ আঙুঠি ভক্ষণ কৰিলে যুৱতীয়ে

ভিডিঅ প্ৰতক্ষ্য কৰক:Devotees thronged Vishwakarma Temple in Guwahati | The Sentinel News | Assam News

Next Story
চাকৰি