Begin typing your search above and press return to search.

হ’ব লগা স্বামীক বচাবলৈ নিজৰ আঙুঠি ভক্ষণ কৰিলে যুৱতীয়ে

হ’ব লগা স্বামীক বচাবলৈ নিজৰ আঙুঠি ভক্ষণ কৰিলে যুৱতীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2019 1:28 PM GMT

কেলফৰ্ণিয়াৰ এগৰাকী যুৱতীয়ে ভক্ষণ কৰিলে নিজৰ আঙুঠি ৷ কিন্তু ভক্ষণ কৰা আঙুঠিটো হ’ল যুৱতীগৰাকীৰ হ’ব লগা স্বামীয়ে আঙুঠি পিন্ধোৱাত দিয়া আঙুঠি ৷ ইফালে যুৱতী গৰাকীয়ে আঙুঠিটো খালে টোপনিত ।অৰ্থাৎ টোপনিত থাকোঁতেই যুৱতীগৰাকীয়ে আঙুঠিটো ভক্ষণ কৰে। আৰু সম্প্ৰতি যুৱতী গৰাকীৰ এই আজৱ কাণ্ডক ৬০.০০০ বাৰতকৈ অধিক শ্বেয়াৰ হোৱাৰ বিপৰীতে অধিক বাৰ ভাইৰেল হৈ পৰিছে । কেলিফৰ্ণিয়াৰ এই যুৱতীগৰাকীৰ নাম হ’ল চান ডিয়গ’ ৷

ফেচবুকত দিয়া এটা প’ষ্টত চান ডিয়গ’ নামৰ যুৱতীগৰাকীয়ে ঘটনাটোৰ সন্দৰ্ভত কয় যে মংগলবাৰে নিশা মই মোৰ আঙুঠি পিন্ধোৱাত দিয়া আঙুঠিটো খাই দিও৷কিন্তু মোৰ সেই সময়ত অনুভৱ হৈছিল যে মই বাস্তৱত এনেধৰণে কৰা মনত আছে।মোৰ অনুভৱ হৈছিল যে মই সপোন দেখি আছো ৷আৰু মই শুবলৈ গুচি গ’লো। কিন্তু পিছদিনা পুৱা চান ডিয়’গ’ই দেখে যে তাইৰ হাতত আঙুঠিটো নাই। আৰু সেই বিষয়ে চান ডিয়গ’ই হ’ব লগা স্বামী ব’ব হাৱেলক অৱগত কৰাই।

চান ডিয়’গ’ই প্ৰকাশ কৰা অনুসৰি মই ভবা নাছিলো যে ব’বে কথাটো বিশ্বাসত ল’ব ৷ কাৰণ আমাৰ অৱস্থা হাঁহিম নে কান্দিমৰ দৰে হৈছিল। কাৰণ যিসময়ত সৰু সৰু ল’ৰা ছোৱালীয়ে এনেধৰণৰ কাৰ্য কৰে সেই সময়ত মোৰ দৰে ডাঙৰ যুৱতী এগৰাকীৰ এনে ধৰণত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাছিল।

ইয়াৰ পিছত চান আৰু ব’ব দুয়ো চিকিৎসকৰ ওচৰত চাপে ৷ আৰু এক্সৰে জৰিয়তে জানিব পাৰে যে চানে নিজৰ এংগ্ৰেজমেন্ট ৰিংটো ভক্ষণ কৰিলে। আনহাতে কিয় সপোনত নিজৰ আঙুঠি পিন্ধোৱাত পৰিধান কৰোৱা আঙুঠিটো ভক্ষণ কৰিব লগা হ’ল সেই বিষয়েও ফেছবুকৰ জৰিয়তে অৱগত কৰালে চান ডিয়’গেই ৷কাৰণ সপোনত দেখা এটি বিশেষ পৰিস্থিতিৰ পৰা নিজৰ স্বামীক বচাবলৈ গৈ আঙুঠি ভক্ষণ কৰিছিল যুৱতীগৰাকীয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক: মধ্যপ্ৰদেশত নাগিন নৃত্যই ল’লে ভয়াবহ ৰূপ: ভিডিঅ’ চাওঁক

ভিডিঅ প্ৰতক্ষ্য কৰক:Self-styled god man apprehended in Duliajan

Next Story
চাকৰি