মধ্যপ্ৰদেশত নাগিন নৃত্যই ল’লে ভয়াবহ ৰূপ: ভিডিঅ’ চাওঁক

মধ্যপ্ৰদেশত নাগিন নৃত্যই ল’লে ভয়াবহ ৰূপ ৷ গণেশ পূজাৰ সময়তে সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। গণেশ পূজাৰ মূৰ্তি বিসৰ্জনৰ পিছত পূজাৰ পেণ্ডেলত নাগিন নৃত্য কৰি থকাৰ সময়তে মৃত্যুক আকোঁৱালি লয় এজন যুৱকে। এই ঘটনাটো সংঘটিত হয় শুক্ৰবাৰে মধ্য প্ৰদেশৰ চিঅ’নি জিলাত । জনপ্ৰিয় গীতৰ তালে তালে বিভিন্ন লোক ব্যস্ত থকাৰ সময়তে ডিজে মিউজিকৰ তালে তালে পূজাৰ পেণ্ডেলত চলে নাগিন নৃত্য ৷
সেই সময়তে স্থানীয় যুৱকে শাৰী পিন্ধি এজন যুৱকে মহিলাৰ পোচাক পিন্ধি নাগিন নৃত্য কৰিবলৈ লয়। ইয়াৰ বিপৰীতে আন এজন যুৱক গুৰুচৰণ ঠাকুৰেও সংগীতৰ তালে তালে নাগিন নৃত্য কৰিবলৈ লয়। নৃত্য কৰাৰ সময়ত গুৰুচৰণ এখন কাপোৰকে বীণ হিছাপে ব্যৱহাৰ কৰি নাগিন নৃত্য কৰে। ৷সেই সময়তে গুৰুচৰণ জপিয়াঁই জপিয়াঁই নৃত্য কৰিবলৈ লওঁতেই হঠাতে ওলোটা খৰ মাৰিবলৈ লওঁতেই তলত ঢলি পৰে। আৰু কাষত থকা লোকসকলে গুৰুচৰণক মাতে যদিও কোনো ধৰণৰ সহাঁৰি নিদিয়ে গুৰুচৰণৰ ফালৰ পৰা ৷
কাৰণ গুৰুচৰণে ঘটনা স্থলীতে মৃত্যু বৰণ কৰিছিল ৷ইয়াৰ পিছতে আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাটোৰ তদন্ত কৰে আৰু গুৰুচৰণৰ শৰীৰক মৰণোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰা হয়। যদিও গুৰুচৰণৰ মৃত্যুৰ কিয় হ’ল বা কি কাৰণে হ’ল সেই সন্দৰ্ভত কোনো তথ্য পোৱা নাই। ইফালে এই সমগ্ৰ ঘটনাটো এজন লোকে কেমেৰাত আৱদ্ধ কৰোতেই গুৰুচৰণৰ মৃত্যৰ দৃশ্যও কেমেৰাত আৱদ্ধ হয় ।
এই ভিডিঅ’টিয়ে সম্প্ৰতি সকলোৰে মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰু এই ভিডিঅ’টি ভি ফৰ ভাইৰেল নামৰ টুইটাৰ একাউন্টত প্ৰকাশ পাইছে ৷গুৰুচৰণৰ পিতৃয়ে জনোৱা অনুসৰি গুৰুচৰণে অলপতে এটি দুৰ্ঘটনাত মূৰত আঘাত পাইছিল ৷ আৰু ইয়াৰ পৰা সম্পূৰ্ণ ৰূপে ঠিক হৈছিল ৷ গতিকে গুৰুচৰণৰ এই মৃত্যুত সকলোৱে আশ্চৰ্য্য প্ৰকাশ কৰাৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷
Video Credits: V for Viral
https://twitter.com/VForViral1/status/1172951724975251456
অন্য খবৰৰ বাবে পঢ়ক: সুস্থ সবল যমজ সন্তান জন্ম দিলে ৭৪ বছৰীয়া মহিলাই
ভিডিঅ প্ৰতক্ষ্য কৰক:Zubeen Garg’s mesmerizes fans at Golden Jubilee Celebration in Borbhag Collge