Begin typing your search above and press return to search.

সুস্থ সবল যমজ সন্তান জন্ম দিলে ৭৪ বছৰীয়া মহিলাই

সুস্থ সবল যমজ সন্তান জন্ম দিলে ৭৪ বছৰীয়া মহিলাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Sep 2019 2:13 PM GMT

সুস্থ সবল যমজ সন্তান জন্ম দিলে ৭৪ বছৰীয়া মহিলাই ৷ অন্ধ্ৰপ্ৰদেশৰ এগৰাকী ৭৪ বছৰীয়া আইতা ৷ আৰু এই গৰাকী আইতাই জন্ম দিলে যমজ সন্তানক ৷ সম্প্ৰতি চিকিৎসকৰ মন্তব্য যে এইয়া বিশ্বৰ বিৰল দৃশ্য ।অন্ধ্ৰপ্ৰদেশৰ পূব গোদাবৰী জিলাৰ দাক্সাৰামৰ ই ম্যাগাম্মাই অহল্যা চিকিৎসালয়ত দুগৰাকী কন্যা সন্তানক জন্ম দিয়ে ৷ ড° চানক্যঅহল্যা অৰুণাৰ মন্তব্য অনুসৰি সম্প্ৰতি ই ম্যাংগ্যামামা আৰু যমজ শিশু দুটি সম্পূৰ্ণ সুস্থ।

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ১৯৬২ চনত ৮০ বছৰীয়া ৰাজা ৰাওৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল ৷ কিন্তু নিঃসন্তান আছিল এই ৰাও দম্পতী। কিন্তু ৰাজা ৰাওৰ চুবুৰীয়াৰ বিগত বৰ্ষত ৫৫ বছৰ বয়সত কৃত্ৰিম গৰ্ভধাৰণেৰে এটি সন্তানক জন্ম দিয়ে ৷ ইয়াৰ পিছতেই মনলৈ সাহস আহে ৰাজা ৰাওৰ দম্পতীৰ। ইয়াৰ পিছতেই চিকিৎসকৰ পৰামৰ্শ ক্ৰমে চলিত বৰ্ষৰ জানুৱাৰীত আইভিএফৰ প্ৰক্ৰিয়াৰ জৰিয়তে গৰ্ভ ধাৰণ কৰে ৷

ইয়াৰ পিছতেই চিকিৎসকৰ দলে নিৰন্তৰে চিকিৎসালয়ত চিকিৎসা কৰি মাতৃ কন্যাক সুস্থ কৰে ৷ ড° অৰুণা নামৰ চিকিৎসক গৰাকীয়ে কয় যে ই ম্যাগাম্মাৰ কোনো ডাইবেটিছ আৰু উচ্চ ৰক্ত চাপ নাই ৷ ৭৪ বছৰ বয়সতো ই ম্যাগাম্মায়ে সাধাৰণ ভাৱেই সন্তান জন্ম দিছে ৷ ইফালে ৭৪ বছৰ বয়সত সন্তান জন্ম দিয়া এইয়াই নতুন নহয় ৷ইয়াৰ পূৰ্বে ২০১৬ চনত ৭২ বছৰ বয়সত পাঞ্জাৱৰ অমিতশৰত আইভিএফৰ জৰিয়তে এটি সন্তান জন্ম দিছিল । হাৰিয়ানাৰ জিন্দ জিলাৰ ৭০ বছৰীয়া ৰাজো দেৱীও ২০০৮ চনত সন্তান জন্ম দিছিল।

অধিক খবৰৰ বাবে পঢ়ক: স্বাস্থ্য বিভাগক হেয় প্ৰতিপন্ন কৰি চাঙীতে সন্তান জন্ম গৰ্ভৱতী মহিলাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:TET Qualified Primary Teachers staged sit-in demonstration in Biswanath | The Sentinel News |

Next Story
চাকৰি