Begin typing your search above and press return to search.

স্বাস্থ্য বিভাগক হেয় প্ৰতিপন্ন কৰি চাঙীতে সন্তান জন্ম গৰ্ভৱতী মহিলাৰ

স্বাস্থ্য বিভাগক হেয় প্ৰতিপন্ন কৰি চাঙীতে সন্তান জন্ম গৰ্ভৱতী মহিলাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Sep 2019 11:55 AM GMT

ৰাজ্যত স্বাস্থ্য বিভাগটোত কিমান শতাংশ উন্নতি হৈছে ? চৰকাৰে স্বাস্থ্য বিভাগত হোৱা উন্নতিৰ জয়গান গাই থাকোঁতেই সম্প্ৰতি পোহৰলৈ এইখন অসমতে সংঘটিত এক ঘটনা ৷ চিৰাং জিলাৰ উডালগুৰিৰ এখন গাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলাক পৰিয়ালৰ লোকে সন্তান জন্ম দিবৰ সময়ত প্লাষ্টিক আৰু কাপোৰেৰে তৈয়াৰ কৰা চাঙীত নিয়া দৃশ্যই সম্প্ৰতি ৰাষ্ট্ৰীয় মাধ্যমতো চৰ্চা লাভ কৰিছে ।

নিউজ এজেন্সী এএনআইয়ে দিয়া এটা ভিডিঅ’ হয়তো কপাঁই গৈছে বহু জনৰ হৃদয় ৷ইফালে মহিলাগৰাকীৰ ঘৰ স্থানীয় চিকিৎসালয়ৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰত্বত। আনহাতে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰশাসনে কোনো মন্তব্য কৰা নাই। মহিলাগৰাকীয়ে কিয় এম্বুলেন্সৰ সুবিধা লাভ নকৰিলে,সেই বিষয়েও কোনো মন্তব্য দিয়া নাই প্ৰশাসনে ৷ বা অন্য কোনো বাহনত চিকিৎসালয়লৈ মহিলাগৰাকীক কিয় লৈ ন’গল? সেই বিষয়েও প্ৰকাশ কৰা নাই ৷

Video Credit: ANI

[embed]https://twitter.com/i/status/1170879828003831810[/embed]

উল্লেখ্য যে মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ মন্তব্য অনুসৰি ১০২ ৰ পৰা কোনো প্ৰতিক্ৰিয়া লাভ নকৰাৰ পিছত দুজন লোকেই মহিলাগৰাকীক পাঁচ কিলোমিটাৰ দূৰ এখন চাঙীত তুলি লৈ যায়। আৰু সেই সময়তে মহিলাগৰাকীয়ে সন্তান জন্ম দিয়ে ৷ ইফালে অঞ্চলটোত সেই সময়ত বৰষূণ দি আছিল কাৰণে এখন প্লাষ্টিকেৰে মহিলাগৰাকীক ঢাকি পাঁচ কিলোমিটাৰ দূৰত্বৰ চিকিৎসালয় খনলৈ লৈ যায় ৷

আনহাতে, সেই নিদিৰ্ষ্ট গাঁৱখনত কোনো ধৰণৰ পথৰ সম্পৰ্ক নাই কাৰণে প্ৰায়ে ৰোগীসকলক এনেকৈয়ে চিকিৎসালয়লৈ নিয়ে বুলি মন্তব্য কৰে মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যই । কিন্তু মন কৰিবলগীয়া কথা এয়ে যে চৰকাৰৰ স্বাস্থ্য বিভাগৰ বহু কোটি টকীয়া আঁচনি অথবা পথ মেৰামতিৰ ক্ষেত্ৰত আৱন্টন হোৱা কোটি কোটি টকাৰ আঁচনিয়ে ঢুকি নাপাই এই অঞ্চলসমূহ ৷

যাৰ কাৰণে সাধাৰণ জনসাধাৰণে সন্মুখীন হয় এনে ধৰণৰ হাৰাশাস্তি ৷ লগতে এনেধৰণৰ ঘটনাসমূহ ৰাষ্ট্ৰীয় মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে প্ৰকাশ পাই ৰাজ্যৰ সবাতোকৈ গুৰুত্বপূৰ্ণ এটা বিভাগৰ স্বৰূপ ৷গতিকে ৰাজ্য চৰকাৰে এই সমগ্ৰ বিষয়টোক লৈ কেতিয়া পদক্ষেপ গ্ৰহণ কৰিব সেয়াহে হ’ব গুৰুত্বপূৰ্ণ ৷

অন্য খবৰৰ বাবে পঢ়ক: পানবজাৰৰ “ৰেৱতী চাট হাউছ”ত খাদ্য সুৰক্ষা বিভাগৰ অভিযান: ৭ দিনলৈ বন্ধ

ভিডিঅ প্ৰতক্ষ্য কৰক:7 year old girl allegedly raped by 60 year old man in Sonitpur

Next Story
চাকৰি