বিবিধ

বয়সে হাৰ নমনা এগৰাকী আইতা: পৰিৱৰ্তন কৰিলে গাঁৱৰ ছবি

Sentinel Digital Desk

আমাৰ জীৱনত আইতাসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷ সেয়া লাগিলে আমাৰ নিজৰ আইতাই হওঁক বা আমাৰ গাঁৱৰ বা ওচৰৰ আইতাই হওঁক। আইতাই আমাক পৰী দেশৰ বিভিন্ন সাধু শুনোৱাৰ লগতে আমাক বিভিন্ন সোৱাদেৰে পৰিপূৰ্ণ আহাৰ খুৱাই। কিন্তু আজি আমি এনে এগৰাকী আইতাৰ কথা কম যিগৰাকীয়ে অকলেই প্ৰায় ৫০০ গছ ৰোপণ কৰি এটা অঞ্চলক সম্পূৰ্ণ পৰিৱৰ্তন কৰিলে।

সাম্প্ৰতিক সময়ত আমাৰ দেশত জলবায়ু পৰিৱৰ্তন এটা বৃহৎ সমস্যা। জলবায়ু পৰিৱৰ্তনৰ কাৰণে আমাৰ চাৰিওফালৰ পৰিবেশত বিভিন্ন পৰিৱৰ্তন হয়। সেই সময়তে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ এখন গাঁৱৰ বাসিন্দা প্ৰভাদেৱী নামৰ আইতা গৰাকীয়ে প্ৰায় ৫০০ গছ ৰোপণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

বিশ্বত হোৱা জলবায়ু পৰিৱৰ্তনৰ সময়ত আইতা গৰাকীৰ এই পদক্ষেপে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ প্ৰভাদেৱী আইতাই হয়তো জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্কত নাজানিব পাৰে ৷কিন্তু সাম্প্ৰতিক সময়ত বিশ্বত প্ৰকৃতিক সংৰক্ষণ কৰাটো কিমান প্ৰয়োজনীয় সেয়া নিশ্চয়কৈ জানে প্ৰভাদেৱী আইতাই ৷ আইতাই যেতিয়াই সময় পায় তেতিয়াই গছ গছনি ৰোপণ কৰে ৷ প্ৰভাদেৱী আইতাৰ ঘৰৰ চৌপাশ সেউজীয়া গছ গছনিৰে ভৰপূৰ ৷

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি প্ৰভাদেৱী আইতাৰ অতুল সোমৱাল নামৰ ২৫ বছৰীয়া এটা নাতিও আছে। চাকৰি সূত্ৰে অতুল দেহৰাদূনত থাকে। আইতাকৰ সন্দৰ্ভত অতুলৰ মন্তব্য যে আইতাক কেতিয়াও বহি নাথাকে ৷যিকোনো সময়ত যি কোনো কামত ব্যস্ত থাকে আইতা।প্ৰায় ৭৬ বয়সতো প্ৰভাদেৱী আইতা পুৱা পাঁচ বজাতেই উঠে । যি কি নহঁওক প্ৰভাদেৱী আইতা ৰোপণ কৰা গছ গছনিয়ে উত্তৰাখণ্ডক সুৰক্ষিত কৰিছে। গতিকে প্ৰভাদেৱী আইতাৰ প্ৰকৃতি সংৰক্ষণক সাৰোগত কৰি আমিও গছ গছনি ৰোপণ কৰি আমাৰ পৰিবেশ ৰক্ষা কৰিব লাগে ৷