Begin typing your search above and press return to search.

সংক্ৰমক ৰোগৰ দৰে বাঢ়িছে এখন জিলাত অবিবাহিত পুৰুষৰ সংখ্যা , কিন্তু কিয় ?

সংক্ৰমক ৰোগৰ দৰে বাঢ়িছে এখন জিলাত অবিবাহিত পুৰুষৰ সংখ্যা , কিন্তু কিয় ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Nov 2019 12:38 PM GMT

সংক্ৰমক ৰোগৰ দৰে বাঢ়িছে এখন জিলাত অবিবাহিত পুৰুষৰ সংখ্যা , কিন্তু কিয় ? ভাৰতবৰ্ষৰ এখন এনেকুৱা জিলা য'ত এফালে বাঢ়িছে জাবৰ জোথৰৰ দ্বাৰা হোৱা বেমাৰৰ সংখ্যা আৰু আনফালে বাঢ়িছে অবিবাহিত পুৰুষৰ সংখ্যা। দেশৰ প্ৰতিটো প্ৰান্ততে স্বচ্ছতা অভিযান চলোৱা হৈছে আৰু আনফালে কানপুৰৰ কিছুমান গাঁৱত জাবৰ জোথৰ তথা দুৰ্গন্ধই উৎকত ৰূপ ধাৰণ কৰিছে । যাৰ ফলত অঞ্চলত ৰোগৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

তথ্য অনুসৰি, কানপুৰৰ পনকী পড়ৱ ,জুমই, বদুয়াপুৰ ,চৰয়ামিতা আদি অঞ্চল ইমানে দুৰ্গন্ধময় হৈ পৰিছে যে এই গাওঁ খনৰ কোনো যুৱকলৈ ছোৱালী বিয়া নিদিয়ে । এই অঞ্চল সমূহক আৱৰ্জনাৰ‌ দাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ হোৱাৰ পিছতে গাঁও সমূহৰ ৭০% লোক যক্ষ্মা, হৃদৰোগ আদিৰ আক্ৰান্ত হৈছে।

বদুয়াপুৰৰ সন্তোষ ৰাজপুতে কোৱা অনুসৰি ঠাই খনত কেইবা টনো জাবৰ জোথৰ আছে । তাৰোপৰি এই অঞ্চল সমূহত কোনোৱে ওলাই আহিব নোৱাৰে কিয়নো সেই ঠাইসমূহত নিজে নিজে জুই লাগি যায় । তাৰোপৰি অঞ্চলটোত দিনক দিনে ৰোগৰ সংখ্যা বঢ়াৰ ফলত এই অঞ্চলৰ যুৱকলৈ কোনোৱে ছোৱালী বিয়া দিব নিবিচাৰে । যোৱা ৫ বছৰৰ পৰা এই পৰিস্থিতিৰ সন্মুখীন হৈছে এই অঞ্চলৰ যুৱক সকল । বৰ্তমান কমেও ৬০ জন মান উপযুক্ত বয়সৰ যুৱক গাঁৱ খনত আছে কিন্তু কোনোৱে এতিয়া বিয়াৰ বাবে ছোৱালী পোৱা নাই । এই অঞ্চলৰ প্ৰায় সকলো যুৱকে হৃদৰোগত আক্ৰান্ত হৈ আছে ।

তাৰোপৰি জানিব পৰা গৈছে যে প্ৰদূষণৰ ফলত বহু পৰিয়ালে নিজৰ লৰা ছোৱালী বিদ্যালয়লৈ নপঠিয়াই । যি নহওক কানপুৰৰ কেইবাটাও অঞ্চল‌ অধিকভাৱে প্ৰদূষিত হৈ পৰিছে। লগতে অঞ্চলটোত এক ভয়াবহ ৰূপ ধাৰণ কৰিছে ।অতি দুখৰ বিষয় এয়ে যে কিছুদিন পূৰ্বে প্ৰকাশ পোৱা গিনিজ বিশ্ব ৰেকৰ্ডত কানপুৰ প্ৰদূষিত চহৰৰ স্থানত আছে ।

অন্য খবৰৰ বাবে পঢ়ক: চাঞ্চল্যকৰ আৰু ঘৃণনীয় কাণ্ড:পিতৃৰ হাতত ধৰ্ষণ হ’ল কন্যা

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Martial Arts shines at World Martial Arts Games 2019 in London

Next Story
চাকৰি