Begin typing your search above and press return to search.

চাঞ্চল্যকৰ আৰু ঘৃণনীয় কাণ্ড:পিতৃৰ হাতত ধৰ্ষণ হ’ল কন্যা

চাঞ্চল্যকৰ আৰু ঘৃণনীয় কাণ্ড:পিতৃৰ হাতত ধৰ্ষণ হ’ল কন্যা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Nov 2019 8:55 AM GMT

এক চাঞ্চল্যকৰ আৰু ঘৃণনীয় কাৰ্য সংঘটিত হৈছে মধ্য প্ৰদেশৰ ভিণ্ড জিলাত ৷ কাৰণ মানৱতা,সম্পৰ্ক,সন্মান এই সকলোবোৰৰ অতিক্ৰম কৰি এজন পিতৃয়ে ধৰ্ষণক কৰিলে নিজৰেই কন্যাক ৷ হয় , এগৰাকী যুৱতীয়ে বন্ধক আৰু ধৰ্ষণ কৰাৰ আৰোপ লগাইছে নিজৰ পিতৃৰ বিৰুদ্ধে। ভিণ্ড জিলাৰ চিৰচোদা গাঁৱৰ বাসিন্দা ১৬ বছৰীয়া এগৰাকী যুৱতীৰ মন্তব্য অনুসৰি শনিবাৰে ঘৰত পিতৃয়ে যুৱতীগৰাকীৰ লগত ধৰ্ষণ আৰু মাৰ পিট কাৰ্য সংঘটিত কৰিছে ৷

লগতে প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰে যুৱতীগৰাকীক । আৰু ইয়াৰ লগে লগে যুৱতীগৰাকীয়ে নিজৰ মাতৃৰ ফোনেৰে সকলো কথা জনাই আৰক্ষীলৈ ফোন কৰে। ইফালে অভিযুক্ত পিতৃয়ে যেতিয়া জানিবলৈ পাই যে জীয়ৰীয়ে আৰক্ষীলৈ ফোন কৰিছে, তেতিয়া ঘৰৰ পৰা পলাই যায় ৷ আনহাতে গৌহাদ আৰক্ষী থানাৰ অধীক্ষক কমলাকান্ত ডুবেই সংবাদ মাধ্যমৰ সন্মুখত আগত প্ৰকাশ কৰে যে আমি শনিবাৰে বিয়লি ফোনৰ জৰিয়তে এই সকলো ঘটনাৰ তথ্য লাভ কৰিলো।

আমি ঘটানা স্থলীত উপস্থিত হ’লো যদিও অভিযুক্ত পিতৃ সেই ঠাইৰ পৰা পলাই গ’ল ৷কিন্তু যুৱতীগৰাকীৰ দেহত বহুত আঘাতৰ চিন আছিল ৷আমি যুৱতীগৰাকীক উদ্ধাৰ কৰি ধৰ্ষণৰ কেছ দাখিল কৰিলোঁ ৷ ইফালে যুৱতী গৰাকীয়ে মন্তব্য কৰে যে মোৰ দেউতাই সৰুৰে পৰা মোক মাৰ পিট কৰিছিল কাৰণ তেওঁক পুত্ৰ সন্তান লাগিছিল। মোৰ মায়ে মোক দেউতাৰ পৰা বিভিন্ন সময়ত উদ্ধাৰ কৰিছিল ৷সেয়েহে দেউতাই মাকো পিটিছিল। আৰু এটা পুত্ৰ সন্তান জন্ম নিদিয়াৰ কাৰণে মাক দোষ দিছিল ।

শনিবাৰে মোক দেউতাই প্ৰথমতে কোঠাত বন্ধ কৰি দিলে আৰু পিটিলে আৰু পিছত মোক ধৰ্ষণ কৰিছিল।উল্লেখ্য যে যুৱতীগৰাকী সকলো কথা মাতৃ গৰাকীয়ে সচাঁ বুলি মন্তব্য কৰে। যুৱতীগৰাকীৰ মাতৃৰ মন্তব্য যে এই কাৰ্য সংঘটিত হওঁতে তেওঁ ঘৰৰ পৃথক ভাগত আছিল ।ইয়াৰ পিছতেই মাতৃ গৰাকীয়ে আৰক্ষীক খবৰ ল’বলৈ দিবলৈ কয় যুৱতী গৰাকীয়ে। আনহাতে অভিযুক্ত পিতৃক বিচাৰি সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই।

অন্য খবৰৰ বাবে পঢ়ক: নিজৰ মৰমৰ পোহনীয়া কুকুৰটোৰ লগত বিচ্ছেদ হোৱাৰ ভয়ত যুৱতীয়ে ল’লে চৰম পন্থা

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Martial Arts shines at World Martial Arts Games 2019 in London

Next Story