Begin typing your search above and press return to search.

নিজৰ মৰমৰ পোহনীয়া কুকুৰটোৰ লগত বিচ্ছেদ হোৱাৰ ভয়ত যুৱতীয়ে ল’লে চৰম পন্থা

নিজৰ মৰমৰ পোহনীয়া কুকুৰটোৰ লগত বিচ্ছেদ হোৱাৰ ভয়ত যুৱতীয়ে ল’লে চৰম পন্থা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Nov 2019 12:51 PM GMT

নিজৰ অতিকৈ মৰমৰ কুকুৰটোৰ লগত বিচ্ছেদ হোৱাৰ ভয়ত আত্মহত্যা কৰিলে এগৰাকী যুৱতীয়ে ।ঘটনাটো তামিলনাডুৰ ৷ ওচৰ চুবুৰীয়া পৰা অভিযোগ পায় জীয়ৰীক নিজৰ কুকুৰটোক আন ক’ৰবাত এৰি থৈ আহিবলৈ কৈছিল পিতৃয়ে ৷কিন্তু জীয়ৰীয়ে উপায়ন্তৰ হৈ কৰিলে আত্মহত্যা ৷ ঘটনা অনুসৰি ২৪ বছৰীয়া কবিতা নামৰ এগৰাকী যুৱতীক পিতৃয়ে বিগত দুবছৰৰ পৰা পোহনীয়া হিছাপে থকা কুকুৰটোক এৰিবলৈ কৈছিল ৷

কাৰণ, বুধবাৰে নিশা বিজুলী ঢেৰেকনীৰে হোৱা মুষল ধাৰ বৰষূণৰ কাৰণে কবিতাৰ ঘৰত থকা পোহনীয়া কুকুৰটোৱে ভয় খাই ভুকিুবলৈ আৰম্ভ কৰিছিল ৷যাৰ কাৰণে ওচৰ চুবুৰীয়াৰ পৰা অভিযোগ লাভ কৰিছিল কবিতাৰ পিতৃয়ে ৷ ইয়াৰ পিছৰ দিনা কবিতাক দেউতাকে ওচৰ চুবুৰীয়াৰ অভিযোগৰ কথা কয় আৰু গালি গালাজো কৰে আৰু কুকুৰটোক আন ক’ৰবাত এৰি থৈ আহিবলৈ কয়।

ইয়াৰ পিছতে কবিতাই বাছি লয় আত্ম হত্যাৰ পথ ৷আৰক্ষীৰ মত অনুসৰি কবিতাই দেউতাকৰ কথা সহ্য কৰিব পৰা নাছিল ৷লগতে কুকুৰটোৰ লগত বিচ্ছেদ হোৱাৰো ভয় আছিল কবিতাৰ ৷যাৰ কাৰণে শুক্ৰবাৰে বিয়লি নিজৰ কোঠাৰ ফেনত ফাঁচী লগাই কবিতাই আত্মহত্যা কৰে। আনহাতে আৰক্ষীয়ে এই সমস্ত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে আৰক্ষীয়ে কবিতাই লিখি থৈ যোৱা এখন পত্ৰ উদ্ধাৰ কৰিছে ।য’ত কবিতাই পিতৃ মাতৃ,ভাতৃ আৰু আইতাকক কুকুৰটোক চাবলৈ কয়। আৰক্ষীৰ মন্তব্য অনুসৰি কবিতাই নিজৰ এই কৰ্মৰ কাৰণে ক্ষমা খোজে পিতৃ মাতৃৰ ওচৰত ৷ আৰু প্ৰত্যেক সপ্তাহত মন্দিৰ পৰিদৰ্শনৰ কাৰণে পৰিয়ালক যাবলৈ অনুৰোধ কৰে কবিতাই।

গতিকে নিজৰ পোহনীয়া জন্তুৰ প্ৰতি মৰম দয়া সকলোৰে থাকে ৷কিন্তু সেই বুলিয়েই নিজৰ জীৱন শেষ কৰি দিয়াটো কোনো কাৰণেই গ্ৰহণ যোগ্য নহয়। যদি আত্মহত্যাৰ দৰে ভাব মনলৈ আহে তেন্তে সেই সমস্যাটোৰ বিষয়ে আলোচনা কৰিব লাগে ৷ কাৰণ কেৱল আত্মহত্যাই যিকোনো সমস্যাৰ সমাধান নহয়।গতিকে সমস্যাটোৰ প্ৰতি ভয় কৰি এনেধৰণৰ পন্থা হাতত লোৱাতকৈ আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান কৰিব লাগে।

অন্য খবৰৰ বাবে পঢ়ক: অৰণ্য মানৱ যাদৱ পায়েঙৰ কাষত জনপ্ৰিয় ভিডিঅ’ ব্ল’গাৰ নাচ ডেইলী

ভিডিঅ প্ৰতক্ষ্য কৰক:Titabor Women staged massive protest against Micro Finance Companies

Next Story
চাকৰি