Begin typing your search above and press return to search.

অৰণ্য মানৱ যাদৱ পায়েঙৰ কাষত জনপ্ৰিয় ভিডিঅ’ ব্ল’গাৰ নাচ ডেইলী

অৰণ্য মানৱ যাদৱ পায়েঙৰ কাষত জনপ্ৰিয়  ভিডিঅ’ ব্ল’গাৰ নাচ ডেইলী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Nov 2019 12:25 PM GMT

জনপ্ৰিয় ভ্ৰমণ ভিডিঅ’ ব্ল’গাৰ নাচ ডেইলী শেহতীয়াকৈ উপস্থিত হ’ল অৰণ্য মানৱ যাদৱ পায়েঙৰ কাষত। পদ্মশ্ৰী তথা অৰণ্য যাদৱ পায়েঙে নুচীৰ য়াচিন (Nuseir Yassin) লগত এক ফ’টো শ্বেয়াৰ কৰে ৷ আৰু ফ’টো খনৰ লগত লিখে যে "নাচ ডেইলীৰ লগত মতবিনিময়ৰ সময়ত"৷ ইফালে এই প’ষ্টটোক আদৰি লৈছে সকলোৱে ৷ প’ষ্টটোৱে ৬০০ তকৈও অধিক প্ৰতিক্ৰিয়া পাবলৈ সক্ষম হয়।

লগতে বহু লোকে এই প’ষ্টটোত মন্তব্যও কৰে। আনহাতে ৫৬ বছৰীয়া যাদৱ ম’লাই পায়েঙ হৈছে যোৰহাটৰ এজন প্ৰকৃতি প্ৰেমী ৷ প্ৰকৃতিৰ প্ৰতি মৰম,সংৰক্ষণ আদিৰ প্ৰতি লক্ষ্য ৰাখি যাদৱ পায়েঙক ভাৰতৰ অৰণ্য মানৱ বুলি জনা যায় ।উল্লেখ্য যে, এই নামেৰে নামাংকৃত কৰিছিল জেএনইউৰ ভাইচ চেঞ্চেলৰ সুধীৰ কুমাৰ স্পৰীয়ে।

ইফালে ম’লাই অৰণ্য যোৰহাটৰ কোকিলামুখত অৱস্থিত ৷ প্ৰায় ১৩৬০ একৰ অঞ্চল জুৰি এই মলাই অৰণ্যখন বিস্তৃত ৷ ২০১৫ চনত যাদৱ পায়েঙক ভাৰতৰ চতুৰ্থ বৃহৎ পুৰস্কাৰ পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰা হৈছিল। ইয়াৰ পিছত ২০১৩ চনৰ অক্টোবৰ মাহত যাদৱ পায়েঙক ইণ্ডিয়ান ইনষ্টিটিউড অৱ ফৰেষ্ট মেনেজমেন্টে বিশেষভাৱে সন্মানিত কৰে।

লগতে যাদৱ পায়েঙক প্ৰকৃতি তথা পৰিবেশলৈ আগবঢ়োৱা অৱদানৰ কাৰণে অসম কৃষি বিশ্ব বিদ্যালয় আৰু কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰীৰ সন্মান আগবঢ়ায় ৷ইয়াৰ বিপৰীতে নুচিৰ য়াচিন (Nuseir Yassin) হৈছে জনপ্ৰিয় ভিডিঅ’ ব্ল’গাৰ। তেওঁ দৈনিক ১০০০ টা ১ মিনিটৰ ভিডিঅ’ নিৰ্মাণ কৰি নাচ ডেইলীৰ পেইজৰ আপলোড কৰে।।

নুচীৰ য়াচিনে নিজকে পেলেষ্টানী ইজৰাইল বুলি পৰিচয় দিয়ে। নুচীৰ য়াচিনে নাচ ডেইলী কৰ্প’ৰেশ্যনৰ সঞ্চালন কৰি আছে। উল্লেখ্য যে নাচ ডেইলীৰ ফেচবুক পেইজত ১৪ মিলিয়ন ফল’ৱাৰ আছে। য’ত জনপ্ৰিয় আৰু চুটি ভিডিঅ’ নিৰ্মাণ কৰাৰ কাৰণে জনপ্ৰিয়।

অন্য খবৰৰ বাবে পঢ়ক:আপোনাৰ উচ্চ ৰক্তচাপৰ পৰা পৰিত্ৰাণ পাবলৈ পঢ়ক আমাৰ বিধি

ভিডিঅ প্ৰতক্ষ্য কৰক: Watch | Exceptional Step to counter Human-Elephant Conflict in Digboi

Next Story
চাকৰি