Begin typing your search above and press return to search.

আপোনাৰ উচ্চ ৰক্তচাপৰ পৰা পৰিত্ৰাণ পাবলৈ পঢ়ক আমাৰ বিধি

আপোনাৰ উচ্চ ৰক্তচাপৰ পৰা পৰিত্ৰাণ পাবলৈ পঢ়ক আমাৰ বিধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Nov 2019 10:59 AM GMT

সাম্প্ৰতিক সময়ত উচ্চ ৰক্তচাপ এক মাৰাত্মক ব্যাধিলৈ ৰূপান্তৰিত হৈছে। যদি আপুনি এনেধৰণৰ সমস্যাত ভূগি আছে তেন্তে দৈনিক গ্ৰহণ কৰক ইলাচি ৷কিন্তু সীমিত পৰিমাণে ৷ দুটা বা তিনিটা ৷ কাৰণ, ভাৰতত মচলাৰ ৰাণী বুলি কোৱা ইলাচীৰ এনে কিছুমান গুৰুত্ব পূৰ্ণ গুণ আছে যিয়ে বিভিন্ন লোকসকলক বহু ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে।

ইয়াৰ ভিতৰত উচ্চ ৰক্ত চাপত ভূগা লোকসকলৰ কাৰণে ইলাচী মহৌষধ স্বৰূপ৷শেহতীয়া তথ্য অনুসৰি এক বিশেষ পৰীক্ষা কৰিবলৈ চিকিৎসকসকলে ইলাচিৰ সেৱন কৰাইছিল উচ্চ ৰক্ত চাপ ৰোগীসকলক ৷প্ৰায় তিনিমাহ ৰোগীসকলক ইলাচি সেৱন কৰোৱাৰ পিছতেই উচ্চ ৰক্ত চাপৰ পৰিমাণ পৰিৱৰ্তন হৈ সীমিত হয় ।

ইলাচিৰ কিছুমান গুৰুত্বপূৰ্ণ গুণৰ ভিতৰত আছে মুখৰ কেন্সাৰৰ পৰা ৰক্ষা কৰে। আজিকালি প্ৰায়ে আমাৰ সকলোৰে লিভাৰ সমূহ বিভিন্ন কাৰণত অসুস্থ হয় । সেয়া দৈনিক সুৰা পান কৰাৰ কাৰণেই হওঁক বা অন্য কোনো কাৰণতেই হওঁক। গতিকে, ইলাচিৰ দৈনিক এটা বা দুটা সেৱনে আমাৰ সকলোৰে লিভাৰ সমূহৰো যতন লয়।

ইফালে সাম্প্ৰতিক সময়ত আমাৰ সকলোৰে এটা প্ৰধান সমস্যা হৈছে মেদ বহুলতা ৷ গতিকে ইলাচিয়ে ওজন সীমিত কৰাতো গুৰুত্ব পূৰ্ণ ভূমিকা লয়। মধুমেহ ৰোগীসকলৰ কাৰণেও ইলাচি উপকাৰী ৷ আৰু যিসকল লোকৰ প্ৰায়ে কিবা কথাত ভয় কৰি থাকে ৷বা ভয় ভাব আহি থাকে ৷ তেওঁলোকে ইলাচি সেৱন কৰিব লাগে ।

আনহাতে নিশা যদি আমি সেউজীয়া ইলাচি গ্ৰহণ কৰো তেন্তে ইয়াৰ দ্বাৰা কাহ,চৰ্দি আদিৰ পৰা ৰক্ষা পাব পাৰি ৷ নিশা কুহুমীয়া গৰম পানী আৰু ইলাচি এটা লৈ চোবাই খালেই চৰ্দি কাহৰ পৰা পৰিত্ৰাণ পাব ৰোগীয়ে। লগতে মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ অসুখৰ কাৰণেও ইলাচি অত্যন্ত প্ৰয়োজনীয়। কিন্তু বেছিকৈ ইলাচি সেৱন কৰিলে ক্ষতি হ’ব হ’ব পাৰে ৷ কাৰণ যিকোনো বস্তৰে অতিমাত্ৰা শৰীৰৰ কাৰণে ক্ষতিকাৰক। গতিকে এদিনত দুটা বা তিনিটা ইলাচিহে খোৱাটো প্ৰয়োজনীয় ৷

গতিকে ইলাচিযে কেৱল শৰীৰৰ ৰোগৰ কাৰণে প্ৰয়োজনীয়৷ সেইটো নহয় সৌন্দৰ্য ৰক্ষাৰ কাৰণেও ইলাচি অত্যন্ত দৰকাৰী ৷ গতিকে সীমিত পৰিমাণৰ ইলাচিৰ শৰীৰ আৰু সৌন্দৰ্য সুন্দৰ কৰি ৰাখক ৷

অধিক খবৰৰ বাবে পঢ়ক: গিনিজ বিশ্ব ৰেকৰ্ডত ভাৰতৰ পৰা স্থান পালে ৮০ টা প্ৰসিদ্ধ কাৰ্য

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch | Exceptional Step to counter Human-Elephant Conflict in Digboi

Next Story
চাকৰি