Begin typing your search above and press return to search.

গিনিজ বিশ্ব ৰেকৰ্ডত ভাৰতৰ পৰা স্থান পালে ৮০ টা প্ৰসিদ্ধ কাৰ্য

গিনিজ বিশ্ব ৰেকৰ্ডত ভাৰতৰ পৰা স্থান পালে ৮০ টা প্ৰসিদ্ধ কাৰ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2019 12:52 PM GMT

গিনিজ বিশ্ব ৰেকৰ্ডত ভাৰতৰ পৰা স্থান পালে ৮০ টা প্ৰসিদ্ধ কাৰ্য। গিনিজ বিশ্ব ৰেকৰ্ডত ভাৰতৰ পৰা স্থান পালে ৮০ টাকৈ ভিন্ন ক্ষেত্ৰৰ অসাধাৰণ আৰু আমোদজনক কাৰ্যই। বৃহস্পতিবাৰে গিনিজ বুকুৰ নতুন সংস্কাৰন প্ৰকাশ পাইছে আৰু ইয়াতে ভাৰতৰ গিনিজ বুকুত স্থান পোৱা বিভিন্ন কাৰ্য আৰু ঘটনাক সন্নিবিষ্ট কৰা হৈছে।

এই ৰেকৰ্ডৰ‌ ভিতৰত আছে এজনী কিশোৰীৰ দীঘল চুলি , সকলোতকৈ চুটি জীৱিত মহিলা , সকলোতকৈ বেছি কাগজ কাপ সংগ্ৰহ ইত্যাদি কাৰ্যই। এয়া ঘোষনা কৰে পেংগুইন ৰেনডম হাউছে। গিনিজ বিশ্ব ৰেকৰ্ড ২০২০ সংস্কাৰনত আন বহুতো ৰেকৰ্ড সন্নিবিষ্ট আছে যিয়ে সকলো মানুহকে জ্ঞানৰ লগতে আমোদ দিব ।

এই গিনিজ বিশ্ব ৰেকৰ্ডত ভাৰতৰ ১৬ বছৰীয়া কিশোৰী নিলাংশী পেটলৰ নামো সন্নিবিষ্ট হৈছে । এয়া সম্ভৱ হৈছে কিশোৰী গৰাকীৰ ৫ ফুট ৬ ইঞ্চি দীঘল চুলি খিনিৰ বাবে।

তাৰ পিছতেই নাগপুৰৰ জ্যোতি অমাগেও গিনিজ বিশ্ব ৰেকৰ্ডত স্থান লাভ কৰে । কিয়নো জ্যোতি অমাগেওৰ উচ্চতা ২৪.৭ ইঞ্চি আৰু তেওঁ সকলোতকৈ সৰু মহিলাৰ স্থান লাভ কৰিছে ।

পুনেৰ নিৱাসী শ্ৰীধৰ চিল্ললেও গিনিজ বিশ্ব ৰেকৰ্ডত স্থান লাভ কৰিছে। শ্ৰীধৰৰ বাওঁ হাতেৰ আঙুলিত আছে ৯০৯৬ চেন্টিমিটাৰ দৈৰ্ঘ্যৰ নখ, যাৰ বাবে তেওঁৰ নাম গিনিজ বুকুত সন্নিবিষ্ট হৈছে ।

তদুপৰি গিনিজ বুকুত স্থান লাভ কৰে তামিলনাডুৰ শংকৰনাৰায়ন নামৰ লোক জনে । তেওঁ সৰ্বাধিক কাগজৰ কাপ সংগ্ৰহৰ ক্ষেত্ৰত গিনিজ বিশ্ব ৰেকৰ্ডত স্থান লাভ কৰিছে । জানিব পৰা মতে শংকৰনাৰায়নৰ হাতত কমেও ৭৩৬ টা কাপ আছে ।

গিনিজ বিশ্ব ৰেকৰ্ডত এনে কিছুমান ৰেকৰ্ডো আছে যিয়ে সকলোকে ভাৰতবৰ্ষক লজ্জিত কৰিছে । তাৰ ভিতৰত সকলোতকৈ প্ৰদূষিত চহৰৰ ৰূপে কানপুৰ নাম ইয়াৰ সন্নিবিষ্ট হৈছে।

এই নতুন সংস্কৰণটো বৃহস্পতিবাৰে বজাৰলৈ আহিছে ।

অধিক খবৰৰ বাবে পঢ়ক: দীপাৱলী চেলত Xiaomi য়ে বিক্ৰী কৰিলে ১.২ কোটি টকাৰ সামগ্ৰী

ভিডিঅ প্ৰতক্ষ্য কৰক: BTAD Army Football League 2019-2020

Next Story
চাকৰি