Begin typing your search above and press return to search.

দীপাৱলী চেলত Xiaomi য়ে বিক্ৰী কৰিলে ১.২ কোটি টকাৰ সামগ্ৰী

দীপাৱলী চেলত Xiaomi য়ে বিক্ৰী কৰিলে ১.২ কোটি টকাৰ সামগ্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Oct 2019 1:23 PM GMT

দীপাৱলী চেলত Xiaomi য়ে বিক্ৰী কৰিলে ১.২ কোটি টকাৰ সামগ্ৰী।দীপাৱলী বিশেষ বিক্ৰী আয়োজন কৰি Xiaomi য়ে ১.২ কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হয়। স্মাৰ্ট ফোন নিৰ্মাতা কোম্পানী Xiaomiয়ে দীপাৱলীৰ সময়ত বৃহৎ পৰিমানৰ ইলেক্ট্ৰনিক সামগ্ৰী বিক্ৰী কৰি গ্ৰাহকৰ সমাদৰ আদায় কৰিবলৈ সক্ষম হয় । প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি মাত্ৰ এটা মাহত প্ৰতিষ্ঠানটোৱে কমেও ১২ মিলিয়ন অৰ্থাৎ ১.২ কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰিছে । এই সামগ্ৰীসমূহৰ ভিতৰত আছে স্মাৰ্ট ফোন , টিভি , ইকো চিষ্টেম , আন ইলেক্ট্ৰনিক সামগ্ৰী। তদুপৰি চাওমিৰ পূৰ্বৰ হাৰতকৈ প্ৰায় ৪০% বিক্ৰী বৃদ্ধি পাইছে ।‌ প্ৰতিষ্ঠানটোৱে কয় যে দীপাৱলীৰ সময়ত চাওমিয়ে কমেও ৮.৫ মিলিয়ন সামগ্ৰী বিক্ৰী কৰিছে । ২৮ ছেপ্টেম্বৰৰ পৰা ২৯ অক্টোবৰলৈকে কোম্পানীটোৱে দীপাৱলীত বাবে বিশেষ বিক্ৰী মাহ নিৰ্ধাৰণ কৰিছিল।

প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি দীপাৱলীৰ এই বিশেষ সময়ছোৱাত সৰ্বাধিক বিক্ৰী হয় স্মাৰ্ট ফোন । প্ৰতিষ্ঠানটোৱে কয় যে এই সময়ছোৱাত প্ৰায় ৮.৫ মিলিয়ন স্মাৰ্ট ফোন বিক্ৰী হয় । পূৰ্বতকৈ এইবাৰ স্মাৰ্ট ফোন বিক্ৰীৰ হাৰ ৩৭% বৃদ্ধি হোৱা বুলি জানিব দিয়ে । স্মাৰ্ট ফোনৰ ভিতৰত ৰেডমি নোট ৭ সৰ্বাধিক বিক্ৰী হোৱা বুলি কয় প্ৰতিষ্ঠানটোৱে ।‌

স্মাৰ্ট ফোনৰ লগতে টিভিও বহু পৰিমানে বিক্ৰী হয় এই সময়ছোৱাত।

টিভিৰ লগতে ৩ মিলিয়নতকৈ অধিক ইকো চিষ্টেম আৰু অন্যান্য সামগ্ৰী সমূহ বিক্ৰী হয় । পূৰ্বেৰ হাৰত ইয়াৰ হাৰ ৪২% বৃদ্ধি পাইছে ।

এই সামগ্ৰীসমূহ MI.com এম আই হোম , ফ্লিপকাৰ্ট , আমাজন আৰু আন দোকান সমূহত উপলব্ধ হৈছিল ।‌

অধিক খবৰৰ বাবে পঢ়ক: টাইমুৰৰ ভগ্নী ইনায়াই গালে গায়ত্ৰী মন্ত্ৰ , ভিডিঅ’ হ’ল ভাইৰেল

ভিডিঅ প্ৰতক্ষ্য কৰক: BTAD Army Football League 2019-2020

Next Story
চাকৰি