টাইমুৰৰ ভগ্নী ইনায়াই গালে গায়ত্ৰী মন্ত্ৰ , ভিডিঅ' হ'ল ভাইৰেল

টাইমুৰৰ ভগ্নী ইনায়াই গালে গায়ত্ৰী মন্ত্ৰ , ভিডিঅ' হ'ল ভাইৰেল

টাইমুৰৰ ভগ্নী ইনায়াই গালে গায়ত্ৰী মন্ত্ৰ , ভিডিঅ' হ'ল ভাইৰেল ।আমি প্ৰায়ে চোছিয়েল মিডিয়াত টাইমুৰ আলি খানৰ ফটো ভিডিঅ'দেখিবলৈ পাও । তাৰোপৰি জনসাৰনেও যথেষ্ট খিনি আদৰ কৰে টাইমুৰ আলি খানক । ছৈফ আলি খান আৰু কৰিনা কাপুৰৰ পুত্ৰ টাইমুৰ আলি খান সকলোৰে প্ৰিয় । প্ৰায়েই টাইমুৰ আলি খানৰ বিভিন্ন ফটো ভিডিঅ' চোছিয়েল মিডিয়াত ভাইৰেল হয় ।

কিন্তু এইবাৰ আন এজন শিশু ষ্টাৰে চোছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই শিশু গৰাকী আন কোনো নহয়, সোহা আলি খান আৰু কুনাল খেমুৰ ছোৱালী ইনায়া ।

ইনায়াই এটা ভিডিঅ' গায়ত্ৰী মন্ত্ৰ গোৱা দেখা যায় । ইনায়াই গায়ত্ৰী মন্ত্ৰ গোৱা ভিডিঅ'টো সকলোৱে যথেষ্ট খিনি ভাল পাইছে । লগতে সকলোৱে শিশু গৰাকীৰ প্ৰশংসা ও কৰে । বৰ্তমান এই ভিডিঅ'টো চোছিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হৈছে ।

ইনায়াৰ এই ভিডিঅ'টো পিতৃ কুনাল খেমুই ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে প্ৰচাৰ কৰে । ভিডিঅ'টোত কুনাল খেমুই নিজৰ ভগ্নীৰ লগত ভাই দুজ পালন কৰা দেখা যায় । তাৰ পিছত কুনাল খেমুৰ ভগ্নীয়ে গায়ত্ৰী মন্ত্ৰ গায় আৰু ইনায়াকো গাৱলৈ কয় । তাৰ পিছতেই ইনায়াই সম্পূৰ্ণ গায়ত্ৰী মন্ত্ৰটো গায় ।

ইনায়া খানৰ এই ভিডিঅ'টো ১ লাখতকৈও অধিক মানুহে চাইছে লগতে বহুতে মন্তব্য ও আগবঢ়ায় । ভিডিঅ'টো প্ৰচাৰ কৰাৰ লগতে কুনাল খেমুই সকলোকে ভাই দুজাৰ শুভকামনা জনায় ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Incessant rains lead to flood in Nagaon’s Kampur

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com