Begin typing your search above and press return to search.

হৰিনা চিকাৰ কৰিলে চিকাৰীয়ে , কিন্তু হৰিনাৰ আক্ৰমণত মৃত্যু হ'ল চিকাৰীৰ

হৰিনা চিকাৰ কৰিলে চিকাৰীয়ে , কিন্তু হৰিনাৰ আক্ৰমণত মৃত্যু হল চিকাৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2019 12:45 PM GMT

হৰিনা চিকাৰ কৰিলে চিকাৰীয়ে , কিন্তু হৰিনাৰ আক্ৰমণত মৃত্যু হ'ল চিকাৰীৰ । এজন চিকাৰীয়ে মঙ্গলবাৰে হৰিনা চিকাৰ বাবে যায় কিন্তু দুৰ্ভাগ্যবশতঃ হৰিনাটোৱে চিকাৰী জনক আক্ৰমণ কৰে যাৰ ফলত মৃত্যু হয় চিকাৰী জনৰ ।তথ্য অনুসৰি ৬৬ বছৰীয়া চিকাৰী জন মঙলবাৰে ফ্লৰিডাৰ য়েলভিল্লে নামৰ ঠাই খনত সংঘটিত হয় এই ঘটনা । চিকাৰী জনক উদ্ধাৰ কৰা সময়ত চিকাৰী জনৰ গাত শিঙেৰে আক্ৰমণ কৰাৰ চিহ্ন লগতে দেহৰ আন বহুতো অংশত ক্ষত বিক্ষত‌ চিন দেখা যায় ।

জানিব পৰা মতে চিকাৰী জনৰ নাম থমাচ আলেকজেণ্ডাৰ । থমাছে নিজৰ ভতিজাকৰ লগত চিকাৰলৈ গৈছিল আৰু এটা হৰিন চিকাৰ কৰিছিল । চিকাৰ কৰা হৰিনটো তেওঁলোকে নিজৰ লগত অনাৰ সিদ্ধান্ত লৈছিল । তথ্য অনুসৰি চিকাৰী জনে সন্ধিয়া প্ৰায় ৬.৩০ বজাত হৰিনটোলৈ গুলি বৰ্ষন কৰে আৰু তাৰ পিছতেই হৰিনটোৱে চিকাৰী জনৰ ওপৰত আক্ৰমণ চলায় ।

যেতিয়া চিকাৰী জনৰ ভতিজাক গৰাকীয়ে তেওঁৰ ওচৰলৈ যায় তেতিয়া তেওঁ জীৱিত অৱস্থাত আছিল আৰু নিজৰ পত্নীক মাতি আছিল ।তাৰ পিছতেই চিকাৰী জনক হস্পাতাললৈ লৈ যায় । কিন্তু ডাক্তৰৰ মত অনুসৰি হস্পাতালত অনাৰ পূৰ্বে মানুহ জনৰ মৃত্যু হৈছিল চিকাৰী জনৰ ।

কিন্তু এতিয়াও মানুহ জনৰ মৃত্যুৰ কাৰন পোহৰলৈ অহা নাই । তাৰোপৰি মানুহ জনৰ মৃত্যুৰ প্ৰকৃত কাৰন মৰোনোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট ওলোৱাৰ পিছতহে প্ৰকাশ পাব ।

অধিক খবৰৰ বাবে পঢ়ক: দিপাৱলী উদযাপনত ডুবাই আৰক্ষী বেণ্ডে পৰিৱেশন কৰিলে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত

ভিডিঅ প্ৰতক্ষ্য কৰক: Incessant rains lead to flood in Nagaon’s Kampur

Next Story
চাকৰি