দিপাৱলী উদযাপনত ডুবাই আৰক্ষী বেণ্ডে পৰিৱেশন কৰিলে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত

দিপাৱলী উদযাপনত ডুবাই আৰক্ষী বেণ্ডে পৰিৱেশন কৰিলে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত

দিপাৱলী উদযাপনত ডুবাই আৰক্ষী বেণ্ডে পৰিৱেশন কৰিলে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত।‌ দিপাৱলী উৎসৱ ক্ৰমাৎ দেশে বিদেশে প্ৰসাৰতা লাভ কৰিছে। বিদেশত থকা ভাৰতীয়া সকলেই নহয় এতিয়া বহু বিদেশী লোকেও ভাৰতীয় এই উৎসৱটো উদযাপনত অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়। দিপাৱলী অহা দেওবাৰে উদযাপন কৰা হ'ব যদিও দিপাৱলীৰ যো যা সমগ্ৰ দেশৰ লগতে বিদেশতো আৰম্ভ হৈছে। ডুবাইতো দীপাৱলী উদযাপনৰ ব্যাপক আয়োজন চলা বুলি সংবাদ সংস্থাই জানিবলৈ দিছে। ডুবাই এনেকুৱা এখন ঠাই য'ত বৃহৎ সংখ্যক ভাৰতীয় লোক বাস কৰে । দিপাৱলীৰ সময়ত ডুবাই চৰকাৰেও ভাৰতীয় সকলৰ বাবে বিভিন্ন অনুষ্ঠানৰ লগতে আটচবাজীৰ আয়োজন কৰিছে । এই অনুষ্ঠানত কেৱল ভাৰতৰ মানুহে নহয়, ভাৰতৰ লগতে বিভিন্ন দেশৰ মানুহেও অংশ গ্ৰহণ কৰিছে।

ডুবাইত উদযাপন কৰা দিপাৱলী ফটো আৰু ভিডিঅ' ইতিমধ্যে টুইটাৰত বহুলভাৱে প্ৰচাৰ হৈছে । ডুবাইৰ চৰকাৰে এইবাৰ এক দিপাৱলীক উদ্দেশ্য কৰি এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে । এই অনুষ্ঠানতে ডুবাই আৰক্ষী বেণ্ডে বিভিন্ন ধৰণৰ ভাৰতীয় সংগীত পৰিবেশন কৰাৰ বাতৰি আহিছে।

ডুবাই আৰক্ষী বেণ্ডে দিপাৱলীৰ অনুষ্ঠানৰ মাজত ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা কাৰ্যত উৎফুল্লিত হৈ পৰে ডুবাই বাস কৰা ভাৰতীয় সকল ।

এই অনুষ্ঠানটোৰ আয়োজন কৰা হয় বৃহস্পতিবাৰে ডুবাইৰ হাথিছ গাৰ্ডেনৰ বিশেষ শ্ব'টোত ।

ডুবাই আৰক্ষী বেণ্ডে পৰিৱেশন কৰা ৰাষ্ট্ৰীয় সংগীতৰ ভিডিঅ' সমগ্ৰ চোছিয়েল মিডিয়াত প্ৰচাৰ হয় । ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে অসংখ্য দৰ্শকৰ সন্মুখত ডুবাই আৰক্ষী বেণ্ডে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰিছে । সেই অনুষ্ঠানটোৰ আন এটা ভিডিঅ'ভাইৰেল হয় য'ত লাইট শ্ব' আৰু আটচবাজী‌ দেখিবলৈ পোৱা যায় । অনুষ্ঠানটোত সকলো দৰ্শকে বলিউড সংগীতত নৃত্য প্ৰদৰ্শন কৰে ।

এই প্ৰচাৰিত ভিডিঅ'টোত বিভিন্ন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা লগতে ডুবাই চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰা দেখা পোৱা গৈছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Incessant rains lead to flood in Nagaon’s Kampur

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com