মাতৃক তীৰ্থ যাত্ৰা কৰাবলৈ এৰিলে চাকৰি , আনন্দ মহিন্দ্ৰাই উপহাৰ দিব খুজিছে গাড়ী

মাতৃক তীৰ্থ যাত্ৰা কৰাবলৈ এৰিলে চাকৰি , আনন্দ মহিন্দ্ৰাই উপহাৰ দিব খুজিছে গাড়ী

মাতৃক তীৰ্থ যাত্ৰাত কৰাবলৈ এৰিলে চাকৰি , আনন্দ মহিন্দ্ৰাই উপহাৰ দিব খুজিছে গাড়ী । মৈসুৰত বাস কৰা এক মাতৃ পুত্ৰৰ কাহিনী ব্যাপক চৰ্চালৈ আহিছে । ডি কৃষ্ণ কুমাৰ নামৰ লোক জনে নিজৰ মাতৃক তীৰ্থ ভ্ৰমণ কৰাবলৈ বেংকৰ চাকৰি এৰি দিয়ে । এই ঘটনাটোৱে বহুতোৰে হৃদয় জয় কৰিছে । বহতোৰে লগত উক্ত ঘটনাটোৱে মন জয় কৰিবলৈ সক্ষম হৈছে পূজিপতি আনন্দ মহিন্দ্ৰাৰ ।

জানিব পৰা মতে , ডি কৃষ্ণ কুমাৰৰ ৭০ বছৰীয়া বৃদ্ধা মাতৃৱে কেতিয়াও চহৰৰ বাহিৰত যোৱা নাছিল । কিন্তু তেওঁ তীৰ্থ যাত্ৰা কৰিব বিচাৰিছিল । সেইবাবে মাতৃৰ মনৰ ইচ্ছা পূৰনৰ অৰ্থে তেওঁ তেওঁৰ চাকৰি এৰাৰ সিদ্ধান্ত লয় মাতৃক তীৰ্থ ভ্ৰমণ কৰাবলৈ লৈ যায় । উৎস অনুসৰি ডি কৃষ্ণ কুমাৰে তেওঁৰ ২০ বছৰ পুৰনি স্কুটাৰ লৈ তেওঁৰ মাতৃৰ সতে তীৰ্থ ভ্ৰমণলৈ যায় । তাৰোপৰি মাতৃ পুত্ৰ দুয়োৱে কমেও ৪৮,১০০ কিলোমিটাৰ যাত্ৰা কৰে । তেওঁলোকে কৰ্নাটক , তামিলনাডু , কেৰেলা , এন্ধ্ৰপ্ৰদেশ , মহাৰাষ্ট্ৰ আদিৰ মাজেৰে ভ্ৰমন কৰে ।

https://twitter.com/manoj_naandi/status/1186857056277450753

মাতৃ পুত্ৰৰ এই কাহিনী আৰু ভিডিঅ' টুইটাৰত বহুলভাৱে প্ৰচাৰ হয় আৰু বহুতে শ্বয়াৰো কৰে । এই কাহিনীটো প্ৰচাৰ কৰে মনোজ কুমাৰে । বিজনেছ টাইকুন আনন্দ মাহিন্দ্ৰাইও টুইটাৰ‌ যোগে প্ৰচাৰ হোৱা ফটো খনত মতামত প্ৰকাশ কৰে । তেওঁ লিখে যে , " মা আৰু দেশৰ বাবে ভালপোৱাৰ এক সুন্দৰ কাহিনী । মনোজ এইটো প্ৰচাৰ কৰা বাবে তোমাক ধন্যবাদ । যদি আপুনি তেওঁৰ লগত সংযোগ স্থাপন কৰিব পাৰে তেন্তে তেওঁক মই নিজেই মহিন্দ্ৰা KUV100 NXT এখন উপহাৰ দিব বিছাৰো । যাতে তেওঁ আগন্তুক যাত্ৰাত মাতৃক গাড়ীত নিব পাৰে ।

তাৰ কিছু সময় পিছতেই এই সমগ্ৰ ঘটনাটো ভাইৰেল হৈ পৰে আৰু সকলোৰে মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে । বৰ্তমানলৈকে এই পোষ্টটো ৫ লাখ মানুহে চোৱাৰ উপৰিও ৭০০০ তকৈ বেছি লাইক আৰু ১,৮০০ টা ৰিটুইট হৈছে ।

সকলো মানুহে আনন্দ মহিন্দ্ৰাক প্ৰশংসা কৰাৰ উপৰিও আন বহুতে কুমাৰকো প্ৰশংসা কৰিছে । আজিৰ দিনত বহুতো ঘটনা পোহৰলৈ আহে তাৰ ভিতৰত এনে কিছুমান ঘটনা প্ৰশংসাৰ যোগ্য ।

ভিডিঅ প্ৰতক্ষ্য কৰক: 15 day old baby allegedly dies due to medical negligence in TMCH

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com