বিবিধ

টুইটাৰ যোগে মাতৃৰ বাবে দৰা বিছাৰিছে জীয়ৰীয়ে ,‌ৰাখিলে চৰ্ত

Sentinel Digital Desk

টুইটাৰত মাতৃৰ বাবে দৰা বিছাৰিছে এগৰাকী জীয়ৰীয়ে ,‌কিন্তু ইয়াৰ বাবে ৰাখিলে কেইটামান চৰ্ত । নতুন সমাজৰ প্ৰেৰণা স্বৰূপ হৈ উঠিছে এগৰাকী যুৱতী। ইন্টাৰনেটত কৰা এটি পোষ্টৰ ফলত চৰ্চালৈ আহিছে যুৱতী গৰাকী ।কিছুদিন আগলৈ নিজৰ পিতৃ মাতৃয়ে নিজৰ লৰা ছোৱালীৰ বাবে জীৱন সংগী বিছাৰিছিল । কিন্তু সকলোকে আচৰিত কৰি এইবাৰ এগৰাকী যুৱতীয়ে নিজৰ মাতৃৰ বাবে বিচাৰিছে দৰা । যুৱতী গৰাকীৰ নাম আস্থা বৰ্মা ।‌ আস্থা বৰ্মা নামৰ যুৱতী গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে মাতৃৰ বাবে দৰা বিছাৰি পোষ্ট দিছে । যুৱতী গৰাকীৰ এই পদক্ষেপক বহুতে শলাগ লৈছে । এই কাৰ্যৰ জৰিয়তে গম পোৱা যায় যে আজিৰ দিনৰ লৰা ছোৱালীয়ে নিজৰ পিতৃ মাতৃৰ ভৱিষ্যতৰ প্ৰতি সজাগ হৈছে ।‌

আস্থা বৰ্মাই নিজৰ টুইটাৰৰ জৰিয়তে মাতৃৰ লগত ফটো শ্বেয়াৰ কৰি লিখিছে যে , " মই মাৰ বিয়াৰ বাবে ৬০ বছৰীয়া এজন ব্যক্তি বিছাৰি আছো" ।

যুৱতী গৰাকীয়ে কৰা পোষ্টটোত দৰাৰ বাবে তিনিটা চৰ্ত ৰাখে । চৰ্ত অনুসIৰি ব্যক্তি জন সুৰা পান নকৰা , নিৰামিষ ভোজীৰ লগতে ভাল কৰ্ম সংস্থাপন থাকিব লাগিব ।আস্থা বৰ্মাৰ একাউণ্টত উল্লেখ থকা মতে তেওঁ এগৰাকী কবি লগতে ৰাজনৈতিক সমীক্ষক বুলি জানিব পৰা গৈছে ।

বহু লোকে আস্থাৰ এই পদক্ষেপক প্ৰশংসা কৰিছে যদিও আন বহুতে সমালোচনাও কৰিছে । যি নহওক আস্থাৰ এই পদক্ষেপ সচাকৈয়ে প্ৰশংসনীয় ।আস্থাই মাতৃৰ সৈতে কৰা পোষ্টটোত ৪ হাজাৰতকৈ অধিক ৰিটুইট হোৱাৰ লগতে ১৮ হাজাৰতকৈ বেছি লাইক পাইছে ।সচাকৈয়ে আস্থাৰ দৰে মনৰ গৰাকী সকলোৱে হ'ব লাগে । পিতৃ মাতৃয়ে নিজৰ লৰা ছোৱালীৰ বাবে বহু খনি ত্যাগ কৰে , গতিকে লৰা ছোৱালীৰো দায়িত্ব নিজৰ মাতৃ পিতৃৰ সুখক গুৰুত্ব দিয়াটো ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Titabor Women staged massive protest against Micro Finance Companies