বিবিধ

চকুত টেটু বনাই বিপদত পৰিলে এগৰাকী যুৱতী , তিনি সপ্তাহ ধৰি হ'ল অন্ধ

Sentinel Digital Desk

চকুত টেটু বনাই বিপদত পৰিলে এগৰাকী যুৱতী , তিনি সপ্তাহ ধৰি হ'ল অন্ধ ।যুৱ প্ৰজন্মৰ মাজত টেটুৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । সকলো ধৰণৰ যুৱক যুৱতীৰ মাজত টেটু বনোৱা এক নতুন‌ উৎসাহ হৈ পৰিছে । সকলোৱে বিভিন্ন ধৰণৰ টেটু বনাই নিজৰ দেহৰ বিভিন্ন অংশত । কিছুমানে চকুত টেটু বনোৱাও পৰিলক্ষিত হয়।

কিন্তু এগৰাকী যুৱতীৰ চকুত টেটু বনোৱাৰ ফলতেই বিপদত পৰিলে । এই যুৱতী গৰাকী অষ্ট্ৰেলিয়াৰ নিউ চাউথ বেলসৰ বাসিন্দা। চকুত টেটু বনোৱা যুৱতী গৰাকী ২৪ বছৰীয়া এম্বৰ ল্য়ুক বুলি জানিব পৰা গৈছে। যুৱতী গৰাকীৰ টেটু ইমানেই প্ৰিয় যে তেওঁৰ সমগ্ৰ শৰীৰ টেটুৰে ঢকা । এম্বৰে এতিয়ালৈকে নিজৰ শৰীৰত প্ৰায় ২০০ তকৈও অধিক টেটু বনাইছে। এম্বৰক সমগ্ৰ পৃথিৱীত "ড্ৰেগন গাৰ্ল" বুলি জনা যায় । কিন্তু টেটু বনোৱাৰ এই অভ্যাসৰ ফলত বিপদত পৰিল‌ এম্বৰ । দৰাচলতে এম্বৰে‌ নিজৰ চকুত টেটু বনাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। সেই মৰ্মে এম্বৰে চকুৰ ৰং নীলা কৰিছিল যাৰ ফলত তিনি সপ্তাহলৈ অন্ধ হৈ পৰিছিল এম্বৰ ।

সূত্ৰ অনুসৰি জানিব পৰা গৈছে যে এম্বৰে এতিয়ালৈকে টেটু বনোৱাৰ নামত ২৬,০০০ ডলাৰ আৰ্থাৎ ১৮.৩৭ লাখ টকাতকৈ অধিক টকা ব্যয় কৰিছে । এম্বৰে তেওঁক নীলা চকুৰ বগা ড্ৰেগন বুলি ক'লে ভাল পায়। কিছুদিন আগত তেওঁ চকুত টেটু বনোৱাৰ অভিজ্ঞতা ব্যক্ত কৰি কয় যে এতিয়ালৈকে চকুত টেটু বনোৱাৰ অনুভৱ সকলোতকৈ ভয়ানক আছিল। চকুত টেটু বনোৱাৰ নামত প্ৰায় ৪০ মিনিট সময়ৰ প্ৰয়োজন হৈছিল আৰু তিনি সপ্তাহলৈ অন্ধ হৈ পৰিছিল।

এম্বৰে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে যেতিয়া তেওঁৰ চকুত নীলা ৰঙৰ টোপাল পেলোৱা হৈছিল তেতিয়া তেওঁৰ এনেকুৱা লাগিছিল যে ১০ টা মান আইনাৰ টুকুৰা তেওঁৰ চকুত পৰিছিল। চকুত এনেদৰে নীলা টোপাল পেলোৱা প্ৰক্ৰিয়া বছৰত ৪ বাৰ হয় । এই প্ৰক্ৰিয়া অতি ভয়ানক হয় কিয়নো নীলা টোপাল পেলোৱা সময়ত এটা ভুলৰ বাবে এম্বৰে নিজৰ দৃষ্টি শক্তি সম্পূৰ্ণ ৰূপে হেৰুৱাব লাগিল হয় ।

লগতে তেওঁ কয় যে ২০২০ চনৰ ভিতৰত তেওঁ সমগ্ৰ শৰীৰত টেটু বনাব বিচাৰে ।জানিব পৰা মতে এম্বৰৰ টেটুৰ প্ৰতি আগ্ৰহ ১৬ বছৰ বয়সৰ পৰাই আছিল । লগতে তেওঁ কয় যে বৃদ্ধ বয়সত তেওঁ কেনেকুৱা দেখিব সেয়া লৈ তেওঁৰ চিন্তা নাই ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Majuli all set to witness Raas Mahotsav 2019 from day after tomorrow