বিবিধ

অত্যাধুনিক এখন হোটেল:কিন্তু এনিশাৰ মূল্যই সচকিত কৰিব আপোনাক

Sentinel Digital Desk

অত্যাধুনিক এখন হোটেল:কিন্তু এনিশাৰ মূল্যই সচকিত কৰিব আপোনাক ৷ সাম্প্ৰতিক সময়ত বিভিন্ন লোকসকল বিভিন্ন কৰ্মৰ দ্বাৰা চৰ্চাত থাকিব বিচাৰে ৷ইয়াৰ বিপৰীতে কিছু সংখ্যক দেশে আকৌ বিভিন্ন ধৰণৰ কাৰুকাৰ্যৰে বিভিন্ন প্ৰাসাদ নিৰ্মাণ কৰি সকলোকে আকৰ্ষণ কৰে ৷ এইবাৰ এনেধৰণেৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এখন বিশেষ হোটেল। আমেৰিকাৰ ফ্ল’ৰিডাত অৱস্থিত এই বিশেষ হোটেল খন দেখিবলৈ গীটাৰ খনৰ দৰে ৷

গতিকে দেখাত গীটাৰৰ দৰে এই হোটেলখন সাম্প্ৰতিক সময়ত সকলোৰে মাজত জনপ্ৰিয় হৈ উঠিছে ৷ মন কৰিব লগীয়া কথাটো এয়ে যে এনেধৰণৰ গীটাৰ আকাৰৰ হোটেল বিশ্বত এইখনেই প্ৰথম ৷ আৰু অনতি পলমে এই গীটাৰ আকৃতিৰ হোটেল খনৰ শুভাৰম্ভ হ’ব । কিন্তু গীটাৰ আকৃতিৰ এই হোটেল খনত থাকিবলৈ আপুনি এটা নিশাত পৰিশোধ কৰিব লাগিব ৭০ হাজাৰ টকা ৷

আপুনি জানি আচৰিত হ’ব যে ৬৩৮ টা কোঠাৰ এই হোটেলখন নিৰ্মাণ কৰোতে ব্যয় হৈছে ১০.৬২ হাজাৰ কোটি টকা। আনহাতে এই হোটেল খনৰ ভিতৰত আছে ১৯ খন অত্যাধুনিক ৰেষ্ট’ৰা ৷ লগতে প্ৰায় ১৩ একৰ ঠাইত ছুইমিং পুল,৩২ হাজাৰ বৰ্গৰ স্পা আৰু চেলুনৰো ব্যৱস্থা আছে এই হোটেল খনত। ইফালে ৪৫০ ফীট ওখ হোটেলখনৰ ভিতৰত এটি হ’লো আছে। য’ত প্ৰায় ৬৫০০ লোকে বহী বিভিন্ন কাৰ্যক্ৰম চাব পাৰে। ৩২ মহলৰ ওখ এই হোটেলখন অভিযন্ত্ৰাসকলৰ বিভিন্ন কাৰুকাৰ্যৰে গঠিত। গতিকে সাম্প্ৰতিক সময়ক প্ৰত্যেকজন লোকে এই হোটেল খনত এটা নিশা কটাবলৈ নিশ্চয় বিচাৰিব ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Titabor Women staged massive protest against Micro Finance Companies