Begin typing your search above and press return to search.

মহিলাৰ কাৰণে পৃথক মেন্যু ব্যৱস্থা কৰি বৃহৎ পৰিমাণে জৰিমনা ভৰিল এখন ৰেষ্টু’ৰেন্টে

মহিলাৰ কাৰণে পৃথক মেন্যু ব্যৱস্থা কৰি বৃহৎ পৰিমাণে জৰিমনা ভৰিল এখন ৰেষ্টু’ৰেন্টে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Nov 2019 12:02 PM GMT

আপুনি যদি কোনো ৰেষ্টুৰেন্ট নাইবা হোটেললৈ যায় তেন্তে আপোনাক সকলোতকৈ আগতে তাত কাম কৰা কৰ্মচাৰীয়ে এখন মেন্যু আগবঢ়াই দিব। যাৰ জৰিয়তে আপুনি মন পছন্দৰ যিকোনো বস্তু অৰ্দাৰ দি সোৱাদ ল’ব পাৰিব। কিন্তু এবাৰ ভাবক সেই ৰেষ্টুৰেন্ট খন বা হোটেল খনত যদি পুৰুষ আৰু মহিলাৰ কাৰণে ভিন্ন ভিন্ন মেন্যু থাকে তেন্তে আপোনাৰ বাৰু কেনেকুৱা লাগিব? নিশ্চয় কথাটো আপোনাৰ সহ্য নহ’ব ৷

হয় আপুনি ঠিকেই ভাবিছে, এনে ধৰণৰ এক বিশেষ কাৰণতে এখন ৰেষ্টুৰেন্টে জৰিমনা দিব লগা হ’ল ৪৪ লাখ টকা ৷ প্ৰকৃততে কথাটো এনেধৰণৰ পেৰুৰ ৰাজধানী লীমাত লা ৰাজা নোটিকা নামৰ এখন ৰেষ্টুৰেন্ট আছে। ঘটনা অনুসৰি ৰেষ্টুৰেন্টলৈ অহা পুৰুষৰ কাৰণে নীলা ৰঙৰ মেন্যু কাৰ্ড আৰু মহিলাৰ কাৰণে সোনালী ৰঙৰ মেন্যু কাৰ্ড দিয়া হয় ৷

আনহাতে নীলা ৰঙৰ মেন্যু কাৰ্ডত বিভিন্ন খাদ্য সম্ভাৰৰ লগতে থাকে তাৰ মূল্য ৷কিন্তু মহিলাৰ সেউজীয়া মেন্যু কাৰ্ডখনত কেৱল খাদ্য সম্ভাৰৰ বিষয়েহে উল্লেখ আছে ৷ তাত মূল্যৰ বিষয়ে একেবাৰে নাই । উল্লেখ্য যে এই বিষয়ে ৰেষ্টুৰেন্টখনৰ অনুসৰি যিহেতু মহিলা সকল পুৰুষৰ লগতে আহে ৷ গতিকে মহিলাসকলে খোৱাৰ বিল পুৰুষসকলে পৰিশোধ কৰিব। মহিলাসকলে বিল পৰিশোধ কৰাৰ কোনো আৱশ্যকতা নাই। সেয়েহে মহিলাসকলৰ মেন্যু কাৰ্ডখনত মূল্যৰ উল্লেখ নাই ৷

ইফালে পেৰু প্ৰশাসনে এই ক্ষেত্ৰত মহিলা আৰু পুৰুষৰ লগত ভেদভাব আনিছে বুলি মন্তব্য কৰিছে। লগতে এই প্ৰসংগই ইতিমধ্যে আদালতৰ মজিয়া গৰকিলেগৈ। আৰু আদালতে বিষয়টোৰ শুনানি দি ৬২ হাজাৰ ডলাৰ অৰ্থাৎ প্ৰায় ৪৩.৯৬ লাখ টকা জৰিমনা বিহিছে ৷লগতে মহিলাৰ কাৰণে সোনালী ৰঙৰ মেন্যুখন আঁতৰাবলৈ আহ্বান কৰে ৷আৰু ৰেষ্টু’ৰেন্টখনৰ বাহিৰত এখল প’ষ্টাৰ লগাই তাত মহিলা আৰু পুৰুষৰ মাজত কোনো কাৰণতে ভেদভাৱ কৰা ন’হব বুলি লিখিবলৈ কয় ।

অন্য খবৰৰ বাবে পঢ়ক: নিজৰ মৰমৰ পোহনীয়া কুকুৰটোৰ লগত বিচ্ছেদ হোৱাৰ ভয়ত যুৱতীয়ে ল’লে চৰম পন্থা

ভিডিঅ প্ৰতক্ষ্য কৰক:Titabor Women staged massive protest against Micro Finance Companies

Next Story
চাকৰি