বিবিধ

দিল্লী যান যটৰ ফলত গ্ৰেপ্তাৰ হ'ল গাড়ী চোৰ আৰু অপহৰণকাৰী এটা দল

Sentinel Digital Desk

দিল্লী যান যটৰ ফলত গ্ৰেপ্তাৰ হ'ল অপহৰণকাৰী এটা দল ।প্ৰত্যেক দিনাই আমি সন্মুখীন হ'ব লগীয়া হয় বৃহৎ যান যটৰ । যান‌ যট সমস্যাৰ ফলত বহুতেই সময়মতে স্কুল কলেজ বা অফিচ আদিত উপস্থিত হ'ব নোৱাৰে । মুঠতে যান যটৰ ফলত জনসাধাৰণে সন্মুখীন হয় বিভিন্ন সমস্যাৰ । কিন্তু কিছু ক্ষেত্ৰত এই যান‌ যট লাভদায়ককো পৰিলক্ষিত হয় ।

শুকুৰবাৰে উত্তম নগৰ যান যটত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাড়ী চোৰ আৰু অপহৰণকাৰী দল এটাক । জানিব পৰা মতে , গাড়ী চুৰ আৰু অপহৰণকাৰী এটা দলে এজন ব্যক্তিক অপহৰণ কৰিছিল । কিন্তু দুৰ্ভাগ্যবশতঃ সেই দলটো উত্তম নগৰ- জনকপূৰী অঞ্চলৰ যান যটত আৱদ্ধ হয় । যাৰ ফলত গাড়ী চোৰ আৰু অপহৰণকাৰী দলটোক দিল্লী আৰক্ষীয়ে ৭ মিনিটৰ ভিতৰত গ্ৰেপ্তাৰ কৰে ।

দলটোৱে অপহৰন কৰা লোক জনৰ নাম আছিল ৰিজৱাল । ঘটনাটো সংঘটিত হয় মাজৰাতি যেতিয়া ৰিজৱালে ঘৰলৈ উভতি আহি আছিল । মাজৰাতি ৰিজৱালে ঘৰলৈ উভতি আহি পথত দলটোৱে ৰিজৱালৰ গাড়ীৰ চাবি কাঢ়ি নিয়ে আৰু ৰিজৱালক জোৰ কৰি গাড়ীত উঠাই জনকপুৰি অভিমুখে যায় ।

কিন্তু দুৰ্ভাগ্যবশতঃ অপহৰণকাৰী দলটো আৱদ্ধ হয় বৃহৎ যান‌ যটত । যাৰ ফলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গাড়ী চোৰ আৰু অপহৰণকাৰী দলটোক ।

দি এচ পি শৰত কুমাৰ সিন্হাৰ মতে এই ঘটনাটোৰ প্ৰতিবেদন দাখিল হয় ৰাতি ২ মান বজাত । ৰিজৱালৰ ভাতৃয়ে আৰক্ষীক জনাই যে ৪ জন মানুহৰ এটা দলে জনকপুৰিৰ ওচৰত থকা ৰিজৱালৰ গাড়ী খন লৈ যোৱাৰ লগতে ৰিজৱালকো অপহৰন কৰে । লগতে আৰক্ষীক জানিব দিয়ে যে গাড়ী খনত "হাই লেন্ডাৰ" বুলি লিখা আছিল ।

তাৰপিছতেই আৰক্ষীৰ তৎপৰতাৰ ফলত ৭ মিনিটৰ ভিতৰতে উদ্বাৰ কৰিবলৈ সক্ষম হয় ৰিজৱালক । দলটোৱে পলায়ন কৰিব চেষ্টা কৰিছিল যদিও দলটোৰ এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী । ইতিমধ্যে গাড়ী চোৰ আৰু অপহৰণকাৰী দলটোৰ বাকী তিনিজন লোক পলাতক অৱস্থাত আছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Major explosion in Tyre Garage injures three in Dhekiajuli