বিবিধ

প্ৰকৃতিৰ প্ৰতি থকা অগাধ মৰমৰ কাৰণে চাকৰিৰ পৰা পদত্যাগ এইজন ব্যক্তিৰ

Sentinel Digital Desk

প্ৰকৃতিৰ প্ৰতি থকা ভালপোৱাৰ কাৰণে নিজৰ চাকৰিৰ পৰা পদত্যাগ কৰি প্ৰায় ১৮ বছৰ প্ৰকৃতিৰ নামত উচৰ্গা কৰিলে মণিপুৰৰ এজন ব্যক্তিয়ে। লংগোল পাহাৰৰ ক্ষেত্ৰত প্ৰায় ৩০০ একৰ জংঘলত নিজৰ জীৱন উচৰ্গা কৰিছে প্ৰকৃতি প্ৰেমী এই লোকজনে ।প্ৰকৃতিপ্ৰেমী এই লোকজনৰ নাম মইৰাঙথেম লইয়া ৷ লইয়াৰ ঘৰ ইম্ফলত ৷

মইৰাঙথেমৰ ভাষ্য অনুসৰি সৰুতে সেউজীয়া গছ গছনি আৰু ঘন জংঘলে আকৃষ্ট কৰিছিল লইয়াক। মহাবিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি লইয়া যেতিয়া নিজৰ ঠাইলৈ ওভতি আহিছিল ৷ তেতিয়া ঘৰৰ চাৰিওফালে থকা গছ গছনিৰ পৰিমাণ দেখি আচৰিত হৈ পৰিছিল ৷ লগতে দুখ প্ৰকাশ কৰিছিল ৷ কাৰণ সেই অঞ্চলত গছ গছনিৰ পৰিমাণ দিনক দিনে সীমিত হৈ পৰিছিল ৷ সেয়েহে প্ৰকৃতিৰ কাৰণে কিবা এটা কৰাৰ সিদ্ধান্ত ল’লে মইৰাঙঠেম লইয়াই। আৰু গঢ়ি এখন অৰণ্য ৷

সম্প্ৰতি পুনচিলক বন নামেৰে জনাজাত অৰণ্যখনত ২৫০ প্ৰজাতিৰ গছ গছনি থকাৰ লগতে ২৫ টা প্ৰজাতিৰ বাঁহৰ গছ আছে ৷ এই বন পশু পক্ষী,সাপ আৰু বিভিন্ন বন্য জীৱ জন্তুৰ ঘৰ। আনহাতে ল’হিয়াই বৃক্ষ ৰোপনৰ সময়ত সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰি কয় যে বৃক্ষৰোপনৰ সময়ত চিকাৰী আৰু বন ধ্বংস কৰা লোকসকলৰ পৰা বন সংৰক্ষণ কৰাটো অত্যন্ত প্ৰত্যাহ্বানেৰে ভৰা আছিল যদিও সম্প্ৰতি সকলোবোৰ সুকলমে হৈ গ’ল ৷ লগতে গছ কটাৰ বিষয়ে জনসাধাৰণক বুজোৱাটো অত্যন্ত দৰকাৰী বিষয় ৷ কিছু মান লোক পূৰ্বতে চিকাৰৰ কাৰণে আহিছিল যদিও সম্প্ৰতি সকলো সমাধান হ’ল ।

এই সন্দৰ্ভত এজন বন বিষয়াৰ মন্তব্য অনুসৰি আমি লইয়াৰ সিদ্ধান্তক আদৰি লৈছো ৷আমি প্ৰকৃতিক আদৰি লোৱা,বনানিকৰণ কৰা আৰু পৰিবেশক সংৰক্ষণ কৰা যিকোনো মানুহক আদৰণি জনাওঁ ৷ উল্লেখ্য যে সাম্প্ৰতিক সময়ত বন সংৰক্ষণৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত চৰকাৰে ৷ তথাপিও কিছু সংখ্যক লোকে বন ধ্বংসৰ যজ্ঞ কৰে সৰ্বত্ৰে৷ গতিকে এনে সময়তে মণিপুৰৰ মইৰাঙথেম লইয়াৰ এই পদক্ষেপ সকলোৰে কাৰণে অনুকৰণীয়।

ভিডিঅ প্ৰতক্ষ্য কৰক:BJP (Assam Pradesh) Press Meet in Guwahati