Begin typing your search above and press return to search.

এটা কুকুৰ আৰু তাৰ কিছু আমোদ জনক কাৰ্য:চাওঁক ভিডিঅ’

এটা কুকুৰ আৰু তাৰ কিছু আমোদ জনক কাৰ্য:চাওঁক ভিডিঅ’

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Aug 2019 1:28 PM GMT

এটা কুকুৰ আৰু কুকুৰটোৰ পথৰুৱাক আকৰ্ষণ কৰিবৰ কাৰণে কৰা কিছুমান বিশেষ কাৰ্য ৷ সম্প্ৰতি কুকুৰটোৰ এই সকলোবোৰ কাৰ্যই ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে। বেংককৰ এটা কুকুৰে অকৎস্মাতে চলাচল কৰিব নোৱাৰাৰ ভেকশ্যন ধৰে । আৰু যেতিয়াই তাৰ প্ৰতি সহানুভূতি জন্মা কোনো লোকে তাক খাবলৈ দিয়ে ৷ তেতিয়াই অকস্মাতে কুকুৰটোৰ ভৰি ভাল হৈ যায় ।

ইফালে বিভিন্ন লোকে এই কুকুৰ টোক উদ্দেশ্য কৰি বিভিন্ন প’ষ্ট টুইটাৰ আৰু ছ’চিয়েল মিডিয়াৰ বিভিন্ন মাধ্যমত শ্বেয়াৰ কৰা সময়তে সকলোৰে মাজত কুকুৰটোৰ এই কাণ্ড বিয়পি পৰে। ইফালে এই কুকৰটোৰ বিষয়ে বিভিন্ন জন বিভিন্ন মন্তব্য কৰে ৷ কিছুমানে কয় কুকুৰটো কিংবদন্তী ৷কিছুমান লোকে কুুকুৰটোৰ চতুৰতাৰ কাৰণে প্ৰশংসা কৰিছে।

Video Credits: Mad Eagle (Twitter)

[embed]https://twitter.com/i/status/1166672845780541440[/embed]

এজনে কয় যে এই কুকুৰটো মই থকা ঠাইতে থাকে ৷ সি বহুত চতুৰ। সি মানুহৰ খাদ্যৰ কাৰণে এনে ধৰণে ভেকশ্যন কৰি দেখা যায় ৷কিন্তু আমি যেতিয়া তাৰ এই চতুৰতাৰ কথা জানিলো ৷তেতিয়া আমি তাক নোচোৱা হ’লো।

কিন্তু এদিন এজন মটৰ চাইকেল আৰোহীয়ে তাক প্ৰত্যক্ষ কৰি বাহন ৰখাই কুকুৰটোক চাওঁতেই তৎক্ষনাত জাঁপ মাৰি আহে ৷ সছাঁকৈয়ে কুকুৰটোৰ এই কাণ্ড আমোদ জনক। উল্লেখ্য যে কুকুৰটোৰ দুয়োখন ভৰিয়েই ঠিক আছে। এজন লোকৰ মন্তব্য অনুসৰি আমি কুকুৰটোৰ দুয়োখন ভৰিয়েই চাই আছোঁ ৷দুয়োখন ভৰি ঠিকেই আছে ।যদি গ্যেয়ে কিবা আঘাত পায় তেন্তে আমি চিকিৎসা কৰিবলৈ সাজু আছো।

অন্য খবৰৰ বাবে পঢ়ক:ৰানু মণ্ডলক ছলমান খানৰ বাসগৃহ উপহাৰৰ আঁৰৰ ৰহস্য কি? আপুনি জানেনে?

ভিডিঅ প্ৰতক্ষ্য কৰক:Man dies in Demow after being struck by lightning | The Sentinel News | Assam News

Next Story
চাকৰি