Begin typing your search above and press return to search.

ৰানু মণ্ডলক ছলমান খানৰ বাসগৃহ উপহাৰৰ আঁৰৰ ৰহস্য কি? আপুনি জানেনে?

ৰানু মণ্ডলক ছলমান খানৰ বাসগৃহ উপহাৰৰ আঁৰৰ ৰহস্য কি? আপুনি জানেনে?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Aug 2019 11:59 AM GMT

এনিশাৰ ভিতৰতে ৰানাঘাট ৰেল ষ্টেশ্যনৰ পৰা হিমেশ ৰেছমীয়াৰ ছবিত গান গোৱা ৰানু মণ্ডল সম্প্ৰতি দেশ জুৰি চৰ্চিত ৷ ৰানু মণ্ডলৰ কণ্ঠই মোহিত কৰিছে দেশবাসীক ৷ লতা মংগেশ কাৰৰ সংগীত এক প্যাৰ কা নাগমা হ্যে গীতটি ৰেলৱে ষ্টেশ্যনত গোৱা ৰানু মণ্ডত সম্প্ৰতি Internet Sensation .

কিন্তু ইতিমধ্যে ৰানু মণ্ডলৰ সাফল্যৰ পিছতে সকলোতে প্ৰকাশ লাভ কৰিছে যে বলীউডৰ অভিনেতা ছলমান খানে ৰানু মণ্ডলক এটি বাসগৃহ উপহাৰ হিছাপে দিছে ৷ আৰু ছলমান খানে ৰানু মণ্ডলক প্ৰায় ৫৫ লাখ টকীয়া এটি বাসগৃহ প্ৰদান কৰিছে। কিন্তু সকলোকে আচৰিত কৰি ৰানাঘাটৰ Amra Shobai Shotian ক্লাবৰ এজন সদস্য বিক্কী বিশ্বাসে এক সাক্ষাৎকাৰত কয় যে ৰানু মণ্ডলক ছলমান খানে বাসগৃহ উপহাৰ হিছাপে দিয়াটো সচাঁ নহয় ৷

আমাৰ ক্লাবৰ দুজন সদস্যই ৰানু মণ্ডলৰ ভিডিঅ’ দৃশ্য গ্ৰহণ কৰিছিল ৷যিয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ।তেতিয়াৰ পৰা আমি ৰানু মণ্ডলৰ স্বাস্থ্যৰ যত্ন লৈ আছো ।গতিকে আমি ছলমান খানে ৫৫ লাখ ব্যয় কৰি উপহাৰ হিছাপে দিয়া ফ্লেটৰ বিষয়ে শুনা নাই। গতিকে এইটো খবৰ সম্পূৰ্ণ মিছা ৷যিয়ে ছ’চিয়েল মিডিয়াত তীব্ৰ ভাৱে ভাইৰেল হৈ গ’ল।

ইফালে লতা মংগেশকাৰৰ এক প্যাৰ কা নাগমা হ্যে নামৰ গীতটি গাই ভাইৰেল হৈ পৰা ৰানু মণ্ডলে হিমেশ ৰেছমিয়াৰ হেপী হাৰ্ডি এণ্ড হীৰ ছবিত তেৰী মেৰী কাহিনী আৰু আডট নামৰ দুটি গীতত কণ্ঠ দান কৰিছে। ৫৯ বছৰীয়া ৰানু মণ্ডলে এক ৰিয়েলিটী শ্ব’টো কণ্ঠ দান কৰিছে ।আনহাতে শ্ৰী বিশ্বাসে লগতে কয় যে ৰানু মণ্ডলে কেৱল ৰিয়েলিটী শ্ব’ত কন্ঠদান কৰাৰ বিনিময়ত পাৰিশ্ৰমিক লাভ কৰিছে ।

কিন্তু ৰানু মণ্ডলক কেন্দ্ৰ কৰি বহু মিছা খবৰ বিয়পি পৰিছে ছ’চিয়েল মিডিয়াত। যেনে ৰানু মণ্ডলে ১৫ লাখ টকাৰ গাড়ী ক্ৰয় কৰিছে। আৰু ছলমান খানৰ ৰিয়েলিটী শ্ব’ বিগ বছৰ কাৰণেও নিমন্ত্ৰণ আহিছে ৰানু মণ্ডলক। আৰু হিমেশ ৰেছমীয়াই ৰানু মণ্ডলক গীত গোৱাৰ কাৰণে প্ৰায় ৫০ লাখ টকা প্ৰদান কৰিছে।এই সকলো খবৰ মিছা । অৱশ্য হিমেশ ৰেছমীয়াই ৰানু মণ্ডলক মুম্বাই যাত্ৰ আৰু তেওঁৰ কণ্ঠৰে গীত বানীবদ্ধ কৰোৱাই প্ৰতিষ্ঠিত হোৱাত সহায় কৰিছে। কিন্তু ৰানু মণ্ডলৰ সন্দৰ্ভত প্ৰকাশ পোৱা অন্যান্য খবৰসমূহ মিছা বুলি জনালে শ্ৰী বাস্তৱে।

অধিক খবৰৰ বাবে পঢ়ক: বলীউডৰ এজন চেলিব্ৰেট্ৰীৰ গায়িকা ৰানু মণ্ডললৈ আগবঢ়ালে এক বিশেষ উপহাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Four Forest Personnel killed in Sivasagar Road Accident | The Sentinel News | Assam News

Next Story
চাকৰি