বলীউডৰ এজন চেলিব্ৰেট্ৰীৰ গায়িকা ৰানু মণ্ডললৈ আগবঢ়ালে এক বিশেষ উপহাৰ

বলীউডৰ এজন চেলিব্ৰেট্ৰীৰ গায়িকা ৰানু মণ্ডললৈ আগবঢ়ালে এক বিশেষ উপহাৰ

বলীউডৰ এজন চেলিব্ৰেট্ৰীৰ গায়িকা ৰানু মণ্ডললৈ আগবঢ়ালে এক বিশেষ উপহাৰ ৷ কিছুদিনৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পশ্চিম বংগৰ ৰানাঘাটৰ ৰানু মণ্ডলক নিশ্চয় মনত আছে ৷ ৰানাঘাটৰ ৰেল ষ্টেশ্যনত গান গাই একে ৰাতিৰ ভিতৰতে প্ৰসিদ্ধি লাভ কৰা ৰানু মণ্ডল সম্প্ৰতি সকলোৰে মাজত চিনাকী নাম। ন’হবনো কিয় ৰানু মণ্ডলৰ সুৱলা কণ্ঠই জিনিছে সকলোৰে হৃদয় ৷ৰানু মণ্ডলৰ সুৱলা কণ্ঠই স্থান পাইছে বলীউডৰ গায়ক,পৰিচালক হিমেশ ৰেছমীয়াৰ এখন নতুন ছবি হেপী হাৰ্ডা আৰু হীৰত ৷

ছবিখনৰ তেৰে মেৰে শীৰ্ষক গীতটিত সৰু সৰু দুটি ভিডিঅ’ ক্লিপে সকলোকে সচকিত কৰি তুলিছে। ইয়াৰ পিছতেই আহিছে আন এক খবৰ ৷কাৰণ বলীউডৰ সকলোৰে ভাইজান ছলমান খানে ৰানু মণ্ডলক প্ৰদান কৰিব ৫৫ লাখ টকীয়া এটা বাস গৃহ। এই কথা বিশেষকৈ চৰ্ছা লাভ কৰিছে ছ’চিয়েল মিডিয়াত ৷

ইফালে কিছু সংখ্যকে ৰানু মণ্ডলক প্ৰশংসা কৰাৰ লগতে আন কিছুমান কৰিছে তীব্ৰ সমালোচনা ৷ আনহাতে ৰানু মণ্ডলে বলীউডৰ ভাইজান ছলমান খানৰ দাবাং ৩ ত কন্ঠ দান কৰিব বুলি জানিব পৰা গৈছে ৷ অৱশ্যে এতিয়ালৈকে ৰানু মণ্ডলৰ ছলমান খানৰ ছবিত কণ্ঠ দান কৰিব বুলি অফিচিয়েলি জানিব পৰা হোৱা নাই ।

উল্লেখ্য যে ৰানু মণ্ডলে কলকাতাৰ এটা ৰেলৱে ষ্টেশ্যনত লতা মংগেশকাৰৰ এটি জনপ্ৰিয় গীত এক প্যাৰ কা নাগমা হ্যে ছবিৰ জনপ্ৰিয়তা লাভ কৰিছিল ৷ এগৰাকী অভিযন্তা অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে ৰানু মণ্ডলৰ ভিডিঅ’টি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। আৰু ইয়াৰ পিছতে অতীন্দ্ৰ চক্ৰৱৰ্তীৰ এই ভিডিঅ’টিয়ে ছ’চিয়েল মিডিয়াত ভাইৰল হ’ল।

এই সন্দৰ্ভত ২৬ বছৰীয়া অভিযন্তা অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে প্ৰথম বাৰৰ কাৰণে মই ৰানাঘাট ৰেল ষ্টেশ্যনত ৰানু মাৰিয়া মণ্ডলৰ কণ্ঠত মহম্মদ ৰফিৰ গীত শুনিবলৈ পাইছিলো ৷ মই নিজৰ বন্ধু বান্ধবৰ লগত ৬ নম্বৰ প্লেটফৰ্মত বহি আছিলোঁ ৷এটি ৰেডিঅ’ত ৰফী সংগীত বাজি আছিল ৷ সেই সময়তে মই এগৰাকী মহিলাই গীত গাই থকা শুনিবলৈ পালো ৷ আৰু মই ওচৰলৈ আহি তেওঁ আমাৰ কাৰণে কিবা গাব পাৰে নেকি বুলি সুধিলো ৷ইয়াৰ পিছতে ৰানু মেৰিয়া মণ্ডলে আমাৰ কাৰণৈ এটি গীত গালে ৷ মোৰ লগতে উপস্থিত সকলো লোকেই ৰানু মাৰিয়া মণ্ডলা সুললিত কণ্ঠত মোহিত হয় ৷আৰু সম্প্ৰতি পশ্চিম বংগৰ ৰেল ষ্টেশ্যনত গীত গোৱা ৰানু মণ্ডল সম্প্ৰতি ইতিহাস ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:In a tragic incident, two labourer electrocuted in Lumding on Monday evening.

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com