ছ’চিয়েল মিডিয়াত চৰ্চিত ৰানু মাৰিয়া মণ্ডল: গীতেৰে মোহিছে মুম্বাইৰ সংগীত শিল্পীক

ছ’চিয়েল মিডিয়াত চৰ্চিত ৰানু মাৰিয়া মণ্ডল: গীতেৰে মোহিছে মুম্বাইৰ সংগীত শিল্পীক

বৰ্তমান সময়ৰ এটি চৰ্চিত নাম হৈছে ৰানু মাৰিয়া মণ্ডল ৷ বংগালৰ ৰেল ষ্টেশ্যনত গান গোৱা ৰানু মাৰিয়া সম্প্ৰতি Internet Sensation ৷ ঘটনা অনুসৰি ৰানু মাৰিয়াৰ অলপতে এক প্যাৰ কা নাগমা হ্যে গীতটিৰে ইন্টাৰনেটত ভাইৰেল হৈ পৰে ৷ আশ্চৰ্য্যজনক কথাটো এয়ে যে ৰানু মাৰিয়াৰ কণ্ঠত এক প্যাৰ কা নাগমা হ্যে গীতটি প্ৰায় এক মিলিয়ন লোকে শুনে ৷

ইফালে বংগালৰ নাদিয়া জিলাৰ নিবাসী ৰানু মাৰিয়াক ৰাণাঘাটৰ লতা নামেৰে জনা যায় ৷ইয়াৰ লগে লগে দীৰ্ঘ সময় ধৰি এগৰাকী মহিলা ইন্টাৰনেটত প্ৰসিদ্ধি লাভ কৰা লোক হিচাপে পৰিগণিত হৈছে ৰানু মাৰিয়া ৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াৰ মাধ্যমত যি কোনো ঘটনা ইয়াতে মাৰিলো টিপা গড়গাঁও পালেগৈ শিপা সদৃশ হৈ পৰিছে ৷ অৰ্থাৎ যি কোনো ঘটনা ইমানেই দ্ৰুত গতিত যি কোনো বিষয় বা ভিডিঅ’ ভাইৰেল হৈ যে নেদেখিলে তাক বিশ্বাসেই কৰিব নোৱাৰি ৷ ব্যতিক্ৰম নহয় ৰানু মাৰিয়া মণ্ডল ৷ বহু পৰ্টেল আৰু ছ’চিয়েল মিডিয়াৰ পেইজত ৰানু মাৰিয়া মণ্ডলৰ ভিডিঅ’ৰে ভৰ্তি হৈ আছে ৷য’ত ৰানু মাৰিয়াই কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰৰ গীতত কণ্ঠ দান কৰিছে ৷

এই সন্দৰ্ভত ২৬ বছৰীয়া অভিযন্তা অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে প্ৰথম বাৰৰ কাৰণে মই ৰানাঘাট ৰেল ষ্টেশ্যনত ৰানু মাৰিয়া মণ্ডলৰ কণ্ঠত মহম্মদ ৰফিৰ গীত শুনিবলৈ পাইছিলো ৷ মই নিজৰ বন্ধু বান্ধবৰ লগত ৬ নম্বৰ প্লেটফৰ্মত বহি আছিলোঁ ৷এটি ৰেডিঅ’ত ৰফী সংগীত বাজি আছিল ৷ সেই সময়তে মই এগৰাকী মহিলাই গীত গাই থকা শুনিবলৈ পালো ৷ আৰু মই ওচৰলৈ আহি তেওঁ আমাৰ কাৰণে কিবা গাব পাৰে নেকি বুলি সুধিলো ৷ইয়াৰ পিছতে ৰানু মেৰিয়া মণ্ডলে আমাৰ কাৰণৈ এটি গীত গালে ৷ মোৰ লগতে উপস্থিত সকলো লোকেই ৰানু মাৰিয়া মণ্ডলা সুললিত কণ্ঠত মোহিত হয় ৷

সেই সময়তে ৰানুৱে গোৱা গীতটি মোবাইলত ৰেকৰ্ড কৰি লয় অভিযন্তা অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে । লগতে সেই দিনটোৰ বিয়লি অতীন্দ্ৰ চক্ৰৱৰ্তী আৰু বন্ধু সকলে ৰানু মাৰিয়া মণ্ডলৰ পৰা পুৰণি সংগীত শুনে ৷ আৰু ৰানুক কিছু পৰিমাণে খাবলৈও দিয়ে ৷কাৰণ ৰানু মাৰিয়া মণ্ডলৰ ঘৰৰ অৱস্থা ভাল নাছিল ৷ইয়াৰ দুদিন পিছত অৰ্থাৎ ২৩ জুলাইত অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে ৰানু মাৰিয়াই গীত ৰেকৰ্ড কৰি থোৱা ভিডিঅ’টো ফেছবুকত প’ষ্ট কৰে ৷ আৰু সেই ভিডিঅ’টি ফেচবুকত প’ষ্ট কৰাৰ পিচতেই পূৰ্বৰ ৰেল ষ্টেশ্যনত গীত গোৱা ৰানু মেৰিয়া মণ্ডল সম্প্ৰতি ইতিহাস।

কাৰণ দেশৰ লগতে বিভিন্ন ঠাইত আজি ৰানু মাৰিয়া মণ্ডল বহু জনপ্ৰিয় ৷ ইতিমধ্যে স্থানীয় এখন বিউটীপাৰ্লাৰত ৰানুৰ মেক অভাৰ কৰা হৈছে। সম্প্ৰতি মুম্বাইৰ মনোৰঞ্জন জগতৰ পৰা এটি প্ৰসিদ্ধ সংগীতৰ অনুষ্ঠানে ৰানু মাৰিয়া মণ্ডলক চুক্তি কৰাব বিছাৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com