বিবিধ

আচৰিত ! এখন ঠাই,য'ত মানুহে বাস কৰে মাটিৰ তলত,ক'ত আছে এই খন‌ ঠাই ?

Sentinel Digital Desk

আচৰিত ! এখন ঠাই,য'ত মানুহে বাস কৰে মাটিৰ তলত,ক'ত আছে এই খন‌ ঠাই ? । পৃথিৱী খন বিভিন্ন ধৰণৰ ৰহস্যময়ী বস্তুৰে আৱৰা। ক'ৰবাত যদি ৰহস্যময়ী ঠাই আছে আন ক'ৰবাত আছে ৰহস্যময়ী গছ গছনি গুহা আদি । বৈজ্ঞানিক সকলে বিভিন্ন ধৰণৰ বস্তুৰ সম্ভেদ উলিয়াইছে আৰু আন বহুতো ঠাই বা ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত। স্বৰ্গ, মৰ্ত্য আৰু পাতাল, এই সম্পৰ্কে আমাৰ সকলোৰে ধাৰণা সাম্যক । আমি সকলোৱে সৰুৰে পৰা বিভিন্ন কাহিনীত পাতাল ৰ বিষয়ে শুনিব পাওঁ। কিন্তু আমি ইয়াৰ সত্যাসত্য সম্পৰ্কে নিশ্চিত নহয় । কিন্তু এনে এক পাতাল পৃথিৱীতো আছে । জানিলে আপুনিও আচৰিত হ'ব যে পৃথিৱীত এনে এখন ঠাই আছে য'ত মানুহে মাটিৰ তলত বাস কৰে ।

জানিব পৰা মতে, এই ঠাই খনৰ মানুহে মাটিৰ তলত ঘৰ বনাই জীৱন যাপন কৰে। ইয়াৰ কাৰণে আপোনাক অতি আশ্চৰ্য কৰি তুলিব । এই ঠাইখন আফ্ৰিকা দেশৰ টুনিচিয়াত অৱস্থিত। এই অঞ্চলটো দজেবেল দাহাৰ অঞ্চল বুলি জনা যায় । এই অঞ্চলৰ মানুহ সকলে এতিয়াও বহু বছৰ পুৰণি ঘৰত বসবাস কৰে। এই ঘৰ সমূহ সাধাৰণতে মাটিৰ তলত থাকে । জানিব পৰা মতে মাটিৰ ভিতৰত থকা এই গাওঁ খনক তিজ্মা গাওঁ নামেৰেও জনা যায়। ইয়াত মানুহে মাটিৰ তলত জীৱন যাপন কৰে।

জানিব পৰা মতে এই ঘৰ সমূহ প্ৰায় ১০০ বছৰ পুৰণি। এই ঘৰ সমূহত সকলো সা- সুবিধাও উপলব্ধ আছে । এতিয়া অৱশ্যে এই অঞ্চলটোত সেই সমূহ লোকহে আছে যাৰ খেতিৰ মাটি অঞ্চলটোৰ ওচৰত আছে । অৰ্থাৎ এই অঞ্চলৰ প্ৰায় ভাগ মানুহৰে জীৱিকাৰ উৎস খেতি । এতিয়া অৱশ্যে বহু লোকে চহৰলৈ স্থনান্তৰ হৈছে । যি সকল লোকে মাটিৰ তলত ঘৰ নিৰ্মান কৰি আছে তেওঁলোকে কয় যে তেওঁলোকে নিজৰ মাটি আৰু সংস্কৃতিক আদৰ কৰে । যাৰ বাবে তেওঁলোকে এই ঘৰ সমূহ ত্যাগ কৰিব নোৱাৰে। তদুপৰি এই অঞ্চলত মাজে সময়ে পৰ্যটকো অহা দেখা যায়।

দৰাচলতে এই অঞ্চলত মাটিৰ তলত ঘৰ সজাৰ কাৰণ হ'ল এই অঞ্চলত হোৱা গৰম বতাহৰ পৰা পৰিত্ৰাণ পোৱা । মাটিৰ তলত থকা ঘৰ সমূহ সাধাৰণতে মাটিৰে নিৰ্মিত হয় । যাৰ ফলত ঘৰ সমূহ কিছু ঠাণ্ডা হয়। এই ঘৰ সমূহ এনে ধৰণে বনোৱা হৈছে যাতে ঘৰ সমূহত বায়ু বতাহৰ লগতে অক্সিজেনৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নহয় ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Scrap CAA or exempt Assam from it: Former CM of Assam Prafulla Kumar Mahanta